ETV Bharat / state

দেৱাংগনা কলিতাক মুক্তিৰ দাবী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ

দৰিয়াগঞ্জ সংঘৰ্ষত জড়িত অসম সন্তান তথা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী দেৱাংগনা কলিতাক মুক্তিৰ দাবীত প্ৰতিক্ৰিয়া প্ৰকাশ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ ৷ ছাত্ৰী দেৱাংগনা কলিতাক গ্ৰেপ্তাৰৰ এবছৰ অতিক্ৰম কৰাৰ পাচতো চৰকাৰে কোনো সিদ্ধান্ত নোলোৱাত ক্ষোভ প্ৰকাশ ছাত্ৰ একতা সভাৰ সভাপতি পৱন গগৈ আৰু সম্পাদক হিমালয় বাৰিকে ৷

author img

By

Published : May 24, 2021, 8:50 AM IST

dibrugarh-university-students-union-reaction
দেৱাংগনা কলিতাক মুক্তিৰ দাবী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ

ডিব্ৰুগড়,24 মে’ : ‘কা’ৰ বিৰোধীতাৰে ৰাজধানী দিল্লীৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰা অসম সন্তান তথা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী দেৱাংগনা কলিতাৰ বন্দীত্বই এবছৰ অতিক্ৰম কৰিলে ৷ বৰ্তমানেও ছাত্ৰীগৰাকীৰ মুক্তিক লৈ আলোচনাত নোহোৱাত এইবাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাই ৷

বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সভাপতি পৱন গগৈ আৰু সম্পাদক হিমালয় বাৰিকে এক ভিডিঅ’ বিবৃতি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰি উল্লেখ কৰিছে যে দেৱাংগনাৰ ওপৰত নানা গোচৰ জাপি দি অতি ষড়যন্ত্ৰমূলকভাৱে তেওঁক বন্দী কৰি ৰখা হৈছে ৷ এইটো গণতন্ত্ৰত বিশ্বাসী প্ৰতিজন লোকৰ বাবে গ্ৰহণযোগ্য নহয় ৷

লগতে দুয়োগৰাকী ছাত্ৰ নেতাই কয় যে, বিনা অপৰাধত এবছৰ ধৰি তিহাৰ কাৰাগাৰত বন্দী কৰি ৰখা কাণ্ডক ধিক্কাৰ জনাইছে ছাত্ৰ একতা সভাই ৷ সেয়েহে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাই ছাত্ৰী দেৱাংগনা কলিতাৰ মুক্তিৰ দাবী জনায় ৷ ইয়াৰোপৰি চৰকাৰে এনে ফেচিষ্ট নীতি পৰিহাৰ কৰি শীঘ্ৰেই দেৱাংগনা কলিতাক মুক্তি প্ৰদান কৰাৰ দাবী জনায় ছাত্ৰ একতা সভাই ৷ উল্লেখ্য যে, 2019 চনৰ ডিচেম্বৰ মাহত হোৱা দৰিয়াগঞ্জ সংঘৰ্ষত জড়িত থকাৰ প্ৰমাণ পোৱাৰ পাচতে ছাত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ এটা দিনৰ দৰমহা টে'ট শিক্ষক যৌথ মঞ্চৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.