ETV Bharat / state

Eight Years Of Modi Govt: ডিব্ৰুগড়়ত মোদী চৰকাৰৰ উন্নয়নৰ খতিয়ান দিলে জিলা বিজেপিয়ে - জিলা সভাপতি জগদীশ ৰাজকোঁৱৰ

সুদীৰ্ঘ ৮ টা বছৰে ৰাইজৰ বাবে কি কি কৰিলে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে ? কিয় হৈছে অত্যাধিক মুল্যবৃদ্ধি ? নৰেন্দ্ৰ মোডীৰ আঠ বছৰীয়া কাৰ্যকাল উপলক্ষে ডিব্ৰুগড় জিলা বিজেপিয়ে সংবাদমেল সম্বোধন কৰি মোডী চৰকাৰৰ ৮ বছৰীয়া কাৰ্যকালৰ খতিয়ান দাঙি ধৰাৰ লগতে বিভিন্ন আঁচনিৰ কথা ঘোষণা কৰিলে জিলা সভাপতি জগদীশ ৰাজকোঁৱৰে(Dibrugarh state BJP Pressmeet) ৷

dibrugarh-state-bjp-pressmeet-for-eight-years-of-modi-govt
Eight Years Of Modi Govt: ডিব্ৰুগড়়ত মোদী চৰকাৰৰ উন্নয়নৰ খতিয়ান দিলে জিলা বিজেপিয়ে
author img

By

Published : Jun 2, 2022, 10:16 PM IST

ডিব্ৰুগড়, 2 জুন : দৰিদ্ৰ জনগণৰ বাবে বহু উল্লেখনীয় আঁচনি ৰূপায়ণ কৰিছে বিজেপি চৰকাৰে । প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত বিনামূলীয়াকৈ ৮০ কোটি লোকক বিতৰণ কৰি অহা হৈছে খাদ্য সামগ্ৰী । বৃহস্পতিবাৰে নৰেন্দ্ৰ মোডীৰ আঠ বছৰীয়া কাৰ্যকাল উপলক্ষে ডিব্ৰুগড় জিলা বিজেপিয়ে এক সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰৰ ৮ বছৰীয়া কাৰ্যকালৰ (Eight Years Of Modi Govt)এনেদৰে খতিয়ান দাঙি ধৰিলে ডিব্ৰুগড় জিলা বিজেপিয়ে(Dibrugarh state BJP Pressmeet) ৷ উক্ত সংবাদমেল সম্বোধন কৰে জিলা সভাপতি জগদীশ ৰাজকোঁৱৰ, সাধাৰণ সম্পাদকদ্বয় প্ৰশান্ত গগৈ আৰু ব্ৰজেন গগৈয়ে ।

ইফালে, সংবাদমেলযোগে জিলা সভাপতি জগদীশ ৰাজকোঁৱৰে কয় যে, আয়ুস্মান ভাৰত অভিযানৰ অধীনত নৰেন্দ্ৰ মোডী চৰকাৰে ৩.২ কোটি নাগৰিকক ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰিছে ৷ ১৮ কোটিতকৈও অধিক লোকক আয়ুস্মান কাৰ্ড প্ৰদান কৰাৰ লগতে বিশ্বৰ সৰ্ববৃহৎ ক'ভিড টিকাকৰণ অভিযান কেৱল ভাৰততেই ১৯০ কোটিতকৈও অধিক টিকা বিনামূলীয়াকৈ প্ৰদান কৰিছে মোডী চৰকাৰে ।

Eight Years Of Modi Govt: ডিব্ৰুগড়়ত মোদী চৰকাৰৰ উন্নয়নৰ খতিয়ান দিলে জিলা বিজেপিয়ে

সেইদৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ১.২২ কোটি চহৰাঞ্চলৰ আৰু ২.৩ কোটি গ্ৰাম্যঞ্চলৰ লোকৰ গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে । স্বচ্ছ ভাৰত অভিযানৰ অধীনত ১১.২২ কোটি শৌচালয় নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা বুলি উল্লেখ কৰি 'হৰ ঘৰ নল চে জল' যোজনাৰ অধীনত ৬.২ কোটি নতুন আৱাসগৃহলৈ যোৱা তিনিবছৰত পাইপেৰে বিশুদ্ধ খোৱাপানী যোগান ধৰা বুলি সংবাদমেলত কৰিলে উল্লেখ । সেইদৰে প্ৰধানমন্ত্ৰীৰ স্ব-নিধি যোজনাৰ অধীনত ২৯.৬ লাখ পদপথৰ ব্যৱসায়ীক ঋণ বিতৰণ কৰা হৈছে বুলি উল্লেখ কৰিলে জিলা সভাপতিগৰাকীয়ে ৷

আনহাতে মূল্যবৃদ্ধিৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জিলা বিজেপিৰ সভাপতি জগদীশ ৰাজকোঁৱৰে কয়, মূল্যবৃদ্ধিয়ে কেৱল সাধাৰণ মানুহকেই নহয় বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তাকো জুৰুলা কৰিছে । ইউক্ৰেইন আৰু ৰাছিয়াৰ মাছত হৈ থকা যুদ্ধৰ পৰিস্থিতিৰ বাবে মূল্যবৃদ্ধি হোৱা বুলি মন্তব্য কৰে জগদীশ ৰাজকোঁৱৰে ।

পৰিস্থিতি স্বাভাৱিক হৈ আহিলে মূল্যবৃদ্ধি পুনৰ হ্ৰাস পাব বুলি আশা প্ৰকাশ কৰাৰ লগতে এইক্ষেত্ৰত চৰকাৰেও বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি তেওঁ প্ৰকাশ কৰে । ইফালে, প্ৰধানমন্ত্ৰীৰ আঠ বছৰীয়া সফলতাৰ খতিয়ান লৈ ডিব্ৰুগড় জিলাৰ ১৫০০ কাৰ্যকৰ্তাই ঘৰে ঘৰে গৈ প্ৰচাৰ পত্ৰিকা বিতৰণ কৰিব বুলি উল্লেখ কৰে জিলা সভাপতি জগদীশ ৰাজকোঁৱৰে ।

লগতে পঢ়ক : Assam cabinet expansion: অপসাৰিত হ’ব পাৰে সঞ্জয় কিষাণ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.