ডিব্ৰুগড়, ২০ জানুৱাৰী: ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত সুশান্ত কুমাৰ দত্তই বুধবাৰে ডিব্ৰুগড়ত চলি থকা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয় । দত্তই জিলাখনৰ গজপুৰীয়া, ৰচীপথাৰ, জটিয়নী, চকলীয়া আদি এলেকাত কেন্দ্ৰীয় পথ নিৰ্মাণকাৰী সংস্থা এন এইচ আই ডি চি এলৰ অধীনত চলি থকা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি পৰিদৰ্শন কৰে ।
পৰিদৰ্শনকালত এন এইচ আই ডি চি এল আৰু পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰা জি ডি চি এলে এই নিৰ্মাণকাৰ্য আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সন্মুখীন হৈ অহা কেতবোৰ সমস্যাৰ সম্পৰ্কে অতিৰিক্ত উপায়ুক্ত সুশান্ত কুমাৰ দত্তক অৱগত কৰে । অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে সকলো সমস্যা আলোচনাৰ মাজেৰে সমাধান কৰাৰ লগতে তেখেতৰ উপস্থিতিত পথ নিৰ্মাণৰ সময়ত যিসমূহ আন্তঃগাঁথনিৰ বাবে নিৰ্মাণকাৰ্য চলাই নিয়াত অসুবিধাৰ সৃষ্টি হৈছিল সেইসমূহো উচ্ছেদ কৰা হয় । লগতে অতিৰিক্ত উপায়ুক্ত দত্তই বুধবাৰে কেতবোৰ ৰাজহুৱা আবেদনত উত্থাপিত বিষয় সন্দৰ্ভত বুজ লোৱাৰ বাবে তিলৈ আৰু ৰঙালাও বজাৰ এলেকাও পৰিদৰ্শন কৰে ।
লগতে পঢ়ক:শ্ৰী ৰাম মন্দিৰ নিৰ্মাণৰ বাবে গুৱাহাটীত নিধি সমর্পণ অভিযান আৰম্ভ