ETV Bharat / state

দুলীয়াজান সমষ্টিৰ উন্নয়নমূলক আঁচনিসমূহৰ খতিয়ান ল'লে উপায়ুক্তই - Duliajan Constituency

মঙলবাৰে ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত কৰা হয় এক পৰ্যালোচনা সভা ৷ দুলীয়াজান বিধানসভা সমষ্টিত বিধায়কৰ স্থানীয় এলেকা উন্নয়ন পুঁজি, সুহৃদ আৰু অসম দৰ্শন আঁচনিৰ অধীনত চলি থকা কামৰ পৰ্যালোচনা কৰে উপায়ুক্তই ৷

As_Moran_dibrugarh-district-administration-meeting_img_As10031
দুলীয়াজান বিধানসভা সমষ্টিৰ উন্নয়নমূলক আঁচনিৰ খতিয়ান ল'লে উপায়ুক্তই
author img

By

Published : Jan 6, 2021, 9:27 AM IST

মৰাণ,6 জানুৱাৰী : দুলীয়াজান বিধানসভা সমষ্টিৰ উন্নয়নমূলক আঁচনিসমূহৰ খাতিয়ান ল’লে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ৷ মঙলবাৰে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত দুলীয়াজান বিধানসভা সমষ্টিত বিধায়কৰ স্থানীয় এলেকা উন্নয়ন পুঁজি, সুহৃদ আৰু অসম দৰ্শন আঁচনিৰ অধীনত চলি থকা কামৰ পৰ্যালোচনা কৰে উপায়ুক্তই ৷ এই সভাত উপস্থিত থাকে দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালা, জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগী , টেঙাখাত ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মিনাৰ্ভা দেৱীৰ লগতে পৰিকল্পনা শাখা আৰু উন্নয়ন খণ্ডৰ বিষয়াসকল ৷

As_Moran_dibrugarh-district-administration-meeting_img_As10031
ডিব্ৰুগড়ৰ উপায়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা সভা

উল্লেখ্য যে, দুলীয়াজান বিধানসভা সমষ্টিত ২০১৬-১৭ বৰ্ষৰ পৰা ২০১৯-২০ পৰ্যন্ত বিধায়কৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰে হাতত লোৱা আঁচনিসমূহ পৰ্যালোচনা কৰা হয় এই সভাখনত ৷ সভাত বিধায়কৰ অনুমোদন সাপেক্ষে শেহতীয়াকৈ হাতত লোৱা আঁচনিৰ বিপৰীতে প্ৰথম কিস্তিৰ ধন অতি সোনকালে মোকলাই দিয়া হ'ব বুলি উল্লেখ কৰাৰ লগতে টেঙাখাতৰ চক্ৰ বিষয়াকো নতুনকৈ হাতত লোৱা আঁচনিসমূহৰ কাম শীঘ্ৰে আৰম্ভ কৰিব পৰাকৈ ভূমিৰ স্থিতি সন্দৰ্ভত থকা বিষয়সমূহ সমাধানৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে জিলা উপায়ুক্তই ।

লগতে পঢ়ক-ক’ত আছে বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ অমিতৰাজ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.