ETV Bharat / state

ডিব্ৰুগড় টাউন পানী যোগান প্ৰকল্পৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ সভা উপায়ুক্তৰ ! - অসম শক্তি বিতৰক কোম্পানী লিমিটেড

অটল মিছন ফৰ ৰিজুভেনেশ্যন এণ্ড আৰবান ট্ৰান্সফৰ্মেচন ( AMRUT) আঁচনিৰ অধীনত ডিব্ৰুগড় চহৰৰ বাবে হাতত লোৱা ডিব্ৰুগড় টাউন পানী যোগান প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ বুজ ল'লে উপায়ুক্ত পল্লৱ গোপাল ঝাই ৷

AMRUT project of water supply
AMRUT project of water supply
author img

By

Published : Jun 5, 2020, 3:05 AM IST

ডিব্ৰুগড়, 4 জুন : ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই বৃহস্পতি বাৰে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে ৷ এই সভাত অটল মিছন ফৰ ৰিজুভেনেশ্যন এণ্ড আৰবান ট্ৰান্সফৰ্মেচন ( AMRUT) আঁচনিৰ অধীনত ডিব্ৰুগড় চহৰৰ বাবে হাতত লোৱা ডিব্ৰুগড় টাউন পানী যোগান প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ বুজ লয় উপায়ুক্তগৰাকীয়ে ৷

AMRUT project of water supply
ডিব্ৰুগড় টাউন পানী যোগান প্ৰকল্পৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ সভা উপায়ুক্তৰ

অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰ, AMRUTৰ বিষয়ববীয়াসকলৰ লগতে ৰেল বিভাগ,অসম শক্তি বিতৰক কোম্পানী লিমিটেডৰ বিষয়াসকলৰ উপস্থিতিত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত ডিব্ৰুগড় টাউন পানী যোগান প্ৰকল্পৰ নক্সা চূড়ান্ত কৰা,ৰেল বিভাগ, জলসম্পদ আদি সংশ্লিষ্ট বিভাগৰ পৰা আপত্তিবিহীন প্ৰমাণপত্ৰ সংগ্ৰহ কৰা আদি বিষয় সন্দৰ্ভত আলোচনা কৰা হয় ৷

সভাখনত AMRUT ৰ অধীনত ডিব্ৰুগড়ৰ চৌকিডিংগী, নিৰ্মালীগাঁৱৰ উদ্যান আৰু পুৰণি ল'ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ উন্নয়নৰ বাবে চলি থকা কামৰ বুজ লয় উপস্থিত বিষয়া আৰু উপায়ুক্ত গৰাকীয়ে।

লগতে পঢ়ক : যোৰহাটত বজাৰ খোলাৰ নিৰ্দেশ জিলা উপায়ুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.