ETV Bharat / state

অপেক্ষাৰ অন্ত:বুধবাৰে মুকলি হ'ব ডিব্ৰুগড়ৰ বাইপাছ - bokul

বুধবাৰে মুকলি হ'ব ডিব্ৰুগড়ত নতুনকৈ নিৰ্মাণ কৰা বাইপাছ ৷ 351 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বাইপাছটো মুকলি কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্ম্মাই ৷

dibrugarh-bypass-opening-
বুধবাৰে মুকলি হ'ব ডিব্ৰুগড়ৰ বাইপাছ
author img

By

Published : Nov 17, 2020, 5:21 PM IST

ডিব্ৰুগড়,17নৱেম্বৰ: ডিব্ৰুগড়ত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা এটা সুদৃশ্য তথা সৰ্বাংগ সুন্দৰ পথে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । ৩৫১ কোটি টকাৰ ব্যয় সাপেক্ষে এটা আটকধুনীয়া বাইপাছ নিৰ্মানেৰে যাতায়তৰ ক্ষেত্ৰত এক যুগান্তকাৰী সংযোজন ঘটিল এইবাৰ ডিব্ৰুগড়ত । জিলাখনৰ লেপেটকটাৰ পৰা বকুললৈকে প্ৰায় 15 কিলোমিটাৰ বাইপাছটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পাছত এতিয়া যাতায়তৰ বাবে সাজু হৈ উঠিছে।

বুধবাৰে মুকলি হ'ব ডিব্ৰুগড়ৰ বাইপাছ

অন্য এক খবৰৰ বাবে: ভুৱা সেনা জোৱান নিযুক্তি দিয়া ধীমান কৃষ্ণ কোন ?

উল্লেখ্য যে,কেইদিন মান পূৰ্বে ডিব্ৰুগড় জিলাৰ বকুলত ৰেলপথ আৰু ডিব্ৰুগড়-তিনিচুকীয়াৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ ওপৰত এখন উৰণীয়া দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছে ৷ ইয়াৰ পাচতেই জিলাখনৰ বাহিৰেদি নিৰ্মাণ কৰা হৈছে আন এক দুইলেন যুক্ত বাইপাচ ৷ এই বাইপাছটো তিনিচুকীয়া জিলাৰ সৈতে সংযোগ হ'ব । ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গড়কাপ্তানী মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্ম্মাই ৰাইজৰ বাবে পথটো বুধবাৰে মুকলি কৰিব । পথটো মুকলি হোৱাৰ ফলত ডিব্ৰুগড় চহৰৰ এক বৃহৎ যান-জঁটৰ সমস্যা সমাধান হ'ব বুলি একাংশ লোকে প্ৰকাশ কৰে ।

dibrugarh-bypass-opening
বুধবাৰে মুকলি হ'ব ডিব্ৰুগড়ৰ বাইপাছ

অন্য এক খবৰৰ বাবে: কিয় বিপিএফ ত্যাগ কৰিব বিশ্বজিৎ দৈমাৰীয়ে?

ইয়াৰ পূৰ্বে মোহনবাৰীৰ পৰা তিনিচুকীয়া চহৰৰ বাহিৰেদি ধলাৰ তালাপলৈকে দুইলেনযুক্ত বাইপাচ নিৰ্মাণ কৰা হৈছিল ৷ অতি কম দিনৰ ভিতৰতে জে কে এম নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰা উৰণীয়া সেঁতু আৰু বাইপাছ ছোৱা এতিয়া সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে । বিশেষকৈ ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ ওপৰত নিৰ্মিত বগীবিল দলঙৰ পাছতেই ডিব্ৰুগড় চহৰত অত্যাধিক যান-জঁটৰ সৃষ্টি হৈছিল । কিন্তু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা বাইপাচে এতিয়া যাতায়তৰ সমস্যা সমাধান কৰিব বুলি মন্তব্য কৰে একাংশ সচেতন লোকে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.