ETV Bharat / state

হৰিনামৰ ধ্বনিত বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ল ডিব্ৰুগড়ৰ গৰখীয়া থান

author img

By

Published : Sep 15, 2020, 10:38 AM IST

হৰি নামৰ ধ্বনিত বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ল ডিব্ৰুগড়ৰ জকাইৰ গৰখীয়া থান ৷ জনবিশ্বাস অনুসৰি, জকাইৰ গৰখীয়া থানত পূজা-অৰ্চনা কৰিলে পূৰণ হয় ভক্তৰ মনোকামনা ৷

Devotional environment at Garakhia Thaan
হৰিনামৰ ধ্বনিত বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ল ডিব্ৰুগড়ৰ গৰখীয়া থান

মৰাণ,15ছেপ্তেম্বৰঃ ৰাজ্যত মহামাৰী কৰ'ণা ভাইৰাছৰ আতংক অব্যাহত থকাৰ মাজতো ৰাইজৰ মাজত দেখা পোৱা গৈছে ধৰ্মীয়-আধ্যাত্মিক চিন্তা-চৰ্চা ৷ বিশেষকৈ কৃষি প্ৰধান ৰাজ্যখনৰ চহা কৃষিজীৱি ৰাইজে ভাদ মাহত ধৰ্মীয় অনুষ্ঠানৰ মাজেৰে ভক্তি ৰসত বিলীন হৈ থাকে ৷

তেনে এক দৃশ্য দেখা পোৱা গ'ল ডিব্ৰুগড় জিলাতো ৷ জিলাখনৰ জকাইৰ গৰখীয়া থানত অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হ'ল ৷ সোমবাৰে হৰি নামৰ ধ্বনিত বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ল ডিব্ৰুগড়ৰ জকাইৰ গৰখীয়া থান ৷

জনবিশ্বাস অনুসৰি, জকাইৰ গৰখীয়া থানত পূজা-অৰ্চনা কৰিলে পূৰণ হয় ভক্তৰ মনোকামনা ৷ ইপিনে,ডিব্ৰুগড় জিলা উন্নয়ন প্ৰাধিকৰনৰ অধ্যক্ষ অসীম হাজৰিকাও থানত উপস্থিত হৈ ৰাইজৰ মংগলৰ অৰ্থে ভগৱানক প্ৰাৰ্থনা কৰাৰ কথা সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃবঢ়মপুৰত নৱম অসম আৰক্ষী বাহিনীৰ সোণালী জয়ন্তী উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.