ETV Bharat / state

ডিব্ৰুগড়ত নিৰ্মাণৰত 'গোটা আৱৰ্জনা নিষ্কাষণ আৰু ব্যৱস্থাপনা' প্ৰকল্প পৰিদৰ্শন উপায়ুক্তৰ - Solid Waste Processing Plant

ডিব্ৰুগড়ৰ লেকাই ঠাকুৰথানত নিৰ্মাণ হৈ থকা 'গোটা আৱৰ্জনা নিষ্কাষণ আৰু ব্যৱস্থাপনা' প্ৰকল্প পৰিদৰ্শন কৰে ডিব্ৰুগড় জিলা উপায়ুক্ত(Deputy commissioner of Dibrugarh) পল্লৱ গোপাল ঝাই ৷ প্ৰকল্পটো পৰিদৰ্শন কৰি উপায়ুক্তগৰাকীয়ে নিৰ্মাণকাৰ্য সোনকালে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷

deputy-commissioner-of-dibrugarh-new-ordered
ডিব্ৰুগড়ত আৱৰ্জনা নিষ্কাষণ আৰু ব্যৱস্থাপনা প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ উপায়ুক্তৰ
author img

By

Published : Jun 8, 2021, 3:20 PM IST

মৰাণ, 8 জুন : ডিব্ৰুগড়ত আৱৰ্জনা নিষ্কাষণ আৰু ব্যৱস্থাপনা প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ ডিব্ৰুগড় জিলা উপায়ুক্ত(Deputy commissioner of Dibrugarh) পল্লৱ গোপাল ঝাৰ ৷ বিগত বহু বছৰ ধৰি ডিব্ৰুগড় চহৰখন পৰিস্কাৰ আৰু প্ৰদূষণমুক্ত কৰি ৰাখিবৰ বাবে ডিব্ৰুগড় লেকাই ঠাকুৰথানত আৱৰ্জনা নিষ্কাষণ আৰু ব্যৱস্থাপনা প্ৰকল্প নিৰ্মাণৰ কাম চলি আছে ৷

deputy-commissioner-of-dibrugarh-new-ordered
ডিব্ৰুগড়ত আৱৰ্জনা নিষ্কাষণ আৰু ব্যৱস্থাপনা প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ উপায়ুক্তৰ

এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে আৱৰ্জনা নিষ্কাষণ আৰু সাৰ উৎপাদনৰ ক্ষেত্ৰত বিশেষভাৱে সহায়ক হ'ব । কিন্তু প্ৰকল্পৰ কাম লেহেমীয়া হোৱা বুলি ডিব্ৰুগড়ৰ সচেতন ৰাইজে অভিযোগ উত্থাপন কৰাৰ পাচতে সোমবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই লেকাই ঠাকুৰথানত নিৰ্মীয়মান 'গোটা আৱৰ্জনা নিষ্কাষণ আৰু ব্যৱস্থাপনা' প্ৰকল্পটো পৰিদৰ্শন কৰে ৷

প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি কামৰ অগ্ৰগতি সম্পৰ্কে পৰ্যালোচনা কৰাৰ লগতে প্ৰকল্পটো শীঘ্ৰে সম্পূৰ্ণ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট সকলোকে নিৰ্দেশ প্ৰদান কৰে উপায়ুক্তগৰাকীয়ে ৷

উল্লেখ্য যে, এই প্ৰকল্পটো এছিয়ান ডেভেলপমেণ্ট বেংক(Asian Development Bank)ৰ সাহায্যত আৰু এ ইউ আই আই পিৰ অধীনত নিৰ্মিত হৈ আছে যাৰ পৰিশোধন ক্ষমতা হৈছে ১০০ মেট্ৰিক টনৰ ছলিড ৱেষ্ট প্ৰচেছিঙ প্লাণ্ট(Solid Waste Processing Plant) আৰু ৬০ মেট্ৰিক টন ছেনিটাৰী লেণ্ডফিল ।

লগতে পঢ়ক : চিৰাঙৰ উপায়ুক্তৰ কাৰ্যালয়ত ক’ভিডৰ চিকিৎসা সামগ্ৰী প্ৰদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.