মৰাণ, 14 নৱেম্বৰঃ সদৌ মৰাণ ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থাকে ধৰি ডিব্ৰুগড় জিলাৰ কেইবাটাও জাতীয় জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ প্ৰতিনিধিয়ে শুকুৰবাৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু আৰক্ষী অধীক্ষক প্ৰতীক থুবেৰ সৈতে এক গুৰুত্বপূৰ্ণ সভাত মিলিত হয় । উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই সভাত ছাত্ৰ সংগঠনৰ প্ৰতিনিধিসকলে জিলাখনৰ ৰাস্তা-ঘাটৰ উন্নয়ন, আধাৰ পঞ্জীয়ন কেন্দ্ৰৰ সংখ্যা বৃদ্ধি, জিলাখনৰ বিভিন্ন এলেকাত ড্ৰাগছ আসক্ত সংখ্যা বৃদ্ধিয়ে এক বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰা আদি দিশ দাঙি ধৰাৰ লগতে ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় ।

উপায়ুক্ত ঝাই অতি সোনকালে জিলাখনৰ প্ৰতিখন গাঁও পঞ্চায়তত আধাৰ পঞ্জীয়ন কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি স্পষ্ট মত প্ৰকাশ কৰে ৷ সভাত উপায়ুক্ত ঝাই ছাত্ৰ সংগঠনৰ নেতৃবৃন্দক সমাজত ড্ৰাগছ সেৱনৰ বিৰুদ্ধে জনসজাগতা বৃদ্ধি কৰাৰ দিশত প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ৷
লগতে পঢ়কঃইটিভিৰ বাতৰিৰ প্ৰভাৱঃ এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ গছজোপাৰ চিকিৎসাৰ বাবে আগবাঢ়ি আহিল এজন লোক