মৰাণ, 23 জুলাই : দেশে স্বাধীনতা লাভ কৰাৰ 74 বছৰ হ'ল যদিও ডিব্ৰুগড় জিলাৰ বহু ঠাইত আজিও বুঢ়ীদিহিং নৈৰ (Burhidehing River) ওপৰত নাঁৱেৰে বিপদসংকুল ভাৱে যাত্ৰা কৰি আহিছে ৰাইজে । ডিব্ৰুগড় জিলাৰ এটা গুৰুত্বপূৰ্ণ নদীৰ ঘাট হ'ল টিংৰাই কৈৱৰ্ত্ত আৰু চাচনী পানধোৱা পাৰ ঘাট। সেই ঘাটেদি বিপদসংকুল ভাৱে বিগত বহু বছৰ ধৰি চলি আহিছে যাত্ৰীৰ আহ-যাহ।
নদীখন পাৰ কৰাই দিয়া মেছিন চালিত নাঁৱত প্ৰয়োজনীয় ইঞ্জিনৰ লগতে উপলব্ধ নাই লাইফ জেকেট ইফালে তিনি বছৰযোৰা হোৱা নাই ঘাটটোৰ চৰকাৰী নিবিদাও। বৃহত্তৰ চাচনী মৌজা আৰু টেঙাখাট উন্নয়ন খণ্ডৰ নদীপৰীয়া ৰাইজে যাতায়তৰ বাবে ব্যৱহাৰ কৰা এই ঘাটটোৰ নিবিদা প্ৰক্ৰিয়া জয়পুৰ আৰু টেঙাখাট উন্নয়ন খণ্ডই এবছৰৰ মূৰে মূৰে আহ্বান কৰে ৷ কিন্তু বিগত তিনি বছৰে ইয়াত হোৱা নাই কোনোধৰণৰ নিবিদা ৷ ৰাজ্যৰ নদী পৰিবহন ব্যৱস্থাক তথৈবচ প্ৰমাণিত কৰি পানধোৱা ঘাটত নিতৌ চলি আছে দুখনকৈ জৰাজীৰ্ণ নাঁও ।
এফালে যাত্ৰীৰ জীৱনক লৈ হেতালি খেলা আৰু আনফালে চৰকাৰীভাৱে ৰাজহ সংগ্ৰহৰ বাট বন্ধ হৈ থকা কোনোটোৱেই যেন সংশ্লিষ্ট কৰ্তৃপক্ষৰ চকুত পৰা নাই। তথাপিও এই নদীৰ ঘাটেদি যাতায়ত কৰিছে ৰাইজে । কেৱল এটাই আশা অতি সোনকালেই ইয়াত নিৰ্মাণ হ’ব এখন পকী দলং ।
আনহাতে, বাৰিষা আহিলেই আতংকিত হৈ পৰে টিংখাঙৰ এটা অঞ্চলৰ নৈপৰীয়া ৰাইজ । বুঢ়ীদিহিং নৈৰ গৰাখহনীয়া (river erosion) ৰ কবলত পৰিছে ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ (tingkhang lac) কেইবাখনো গাঁও । বছৰ-বছৰ ধৰি চলি অহা খহনীয়াৰ কবলত পৰি নদীৰ বুকুত জাহ গ'ল বিস্তীৰ্ণ কৃষিভূমি, গৃহহাৰা হ’ল বহু দূৰ্ভগীয়া পৰিয়াল ।
এনে বিপদৰ মাজতো স্থানীয় ৰাইজে বুঢ়ীদিহিং নৈৰ ওপৰত নাঁৱেৰে বিপদ সংকুল যাত্ৰা কৰিছিল ৷ ইফালে কৃষিজীৱি ৰাইজৰ কৃষিভূমিসমূহ নদীৰ বুকুত জাহ যোৱাত মূৰে-কপালে হাত দিবলগা হৈছে কৃষকসকলে । স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে পূৰ্বে খহনীয়া কিছু কম আছিল যদিও খামটিঘাটত এখন পকী দলং নিৰ্মাণ হোৱাৰ পিছৰ পৰাই বৰ্তমান এই খহনীয়া তীব্ৰতৰ হৈছে । জীৱন-জীৱিকাৰ অস্তিত্ব সংকটত পৰা গাঁৱবাসীয়ে এতিয়া বিভাগীয় মন্ত্ৰীক খহনীয়া ৰোধৰ ব্যৱস্থা শীঘ্ৰে ল'বলৈ আহ্বান জনাইছে ।
লগতে পঢ়ক:বুঢ়ীদিহিঙে বিপদ নমাই আনিছে টিংখাঙবাসীলৈ