ETV Bharat / state

নাহৰকটীয়াৰ চাচনীত বিধ্বংসী ধুমুহা - নাহৰকটীয়া

বিধ্বংসী ধুমুহা-শিলাবৃষ্টিৰ ফলত চাচনীৰ বিভিন্ন অঞ্চলত বহু পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংস হয় ৷ ইতিমধ্যে ক্ষতিগ্ৰস্ত লোকসকলৰ ক্ষয় -ক্ষতিৰ বুজ ল'বলৈ উপস্থিত হয় নাহৰকটীয়াৰ চক্ৰ বিষয়া বিক্ৰম চেত্ৰী,আৰক্ষী বিষয়া ভাস্কৰ শইকীয়াৰ লগতে নাহৰকটীয়া সমষ্টিৰ বিধায়ক নৰেণ সোণোলাল ৷

ETV BHARAT
নাহৰকটীয়াৰ চাচনীত বিধ্বংসী ধুমুহা
author img

By

Published : Apr 24, 2020, 2:13 PM IST

নাহৰকটীয়া, 24 এপ্ৰিলঃ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ চাচনীত বিধ্বংসী ধুমুহা-শিলাবৃষ্টি সংঘটিত হয় ৷ ধুমুহাত ঘৰ দুৱাৰ ভঙাৰ লগতে বহু মূল্যৱান গছ-গছনি ভাঙি বিস্তৰ ক্ষতি সাধন হয় ৰাইজৰ ৷

নাহৰকটীয়াৰ চাচনীত বিধ্বংসী ধুমুহা

অসমৰ সৰ্ববৃহৎ মৌজা চাচনীৰ দিঘলীবিল,শিলকচুবামকে ধৰি বহু অঞ্চলত বৃহস্পতিবাৰে নিশা হোৱা ধুমহাত বিস্তৰ ক্ষতি সাধন হয় ৰাইজৰ ৷ বিধ্বংসী ধুমুহা-শিলাবৃষ্টিৰ ফলত বহু পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে প্ৰায় শতাধিক পৰিয়ালৰ ঘৰৰ টিনপাত উৰুৱাই লৈ যায় ৷ তাৰোপৰি প্ৰকাণ্ড প্ৰকাণ্ড গছ-গছৰ লগতে বাগৰি পৰে বিদ্যুতৰ খুটা ৷ যাৰ ফলত অঞ্চলটোত ব্যাহত হৈ পৰে বিদ্যুৎ সেৱা ৷ এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেই অঞ্চলৰ ৰাইজৰ মাজত ৷ অৱশ্যে ধুমুহাত ক্ষতিগ্ৰস্ত লোকসকলৰ ক্ষয়-ক্ষতিৰ বুজ ল'বলৈ উপস্থিত হয় নাহৰকটীয়াৰ চক্ৰ বিষয়া বিক্ৰম চেত্ৰী,আৰক্ষী বিষয়া ভাস্কৰ শইকীয়াৰ লগতে নাহৰকটীয়া সমষ্টিৰ বিধায়ক নৰেণ সোণোৱাল ৷ ইফালে ক্ষতিগ্ৰস্ত পৰিয়াল সমূহক চৰকাৰী সা সুবিধাৰ ব্যৱস্থা কৰাৰ লগতে খাদ্য সামগ্ৰীৰ যোগান ধৰাৰ বাবে প্ৰশাসনৰ লগতে,নাহৰকটীয়া সমষ্টিৰ বিধায়কে উমৈহতীয়া প্ৰচেষ্টা হাতত লৈছে ৷

লগতে পঢ়ক- জনীয়াত তীব্ৰ খাদ্য সংকট,গৰাখহনীয়াত উচন বহু লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.