ETV Bharat / state

বিহুতলীত অঘটন: উদণ্ড যুৱকে প্ৰহাৰ কৰিলে CRPF জোৱানক - VDP injured in sword injuries

একাংশ উদণ্ড যুৱকৰ অতপালিত যেন বহু স্থানত ম্লান পৰিব লগা হৈছে বিহুৰ মাদকতা । ৰাজ্যৰ বিভিন্ন বিহুতলীত ইটোৰ পাছত সিটোকৈ সংঘটিত হোৱা দেখা গ’ল এনে বহু অঘটন । এইবাৰ সোণাৰিত বিহুতলীত কৰ্তব্যৰত CRPF ৰ জোৱানক প্ৰহাৰ স্থানীয় উদণ্ড যুৱকৰ(CRPF soldier beaten up by youth in Sonari) । ঘটনাত হস্তক্ষেপ কৰিবলৈ গৈ আঘাটপ্ৰাপ্ত গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তাও ।

CRPF soldier beaten up by youth in Sonari
বিহুতলীত অঘটন: উদণ্ড যুৱকে প্ৰহাৰ কৰিলে CRPF জোৱানক
author img

By

Published : May 13, 2022, 10:19 PM IST

মৰাণ,১৩ মে': বিহুৰ অনুষ্ঠান মানেই যেন একাংশ উদণ্ড যুৱকৰ উদ্ভণ্ডালিৰ মুকলি মঞ্চ । এইচাম যুৱকৰ অতপালিত যেন বহু স্থানত ম্লান পৰিব লগা হৈছে বিহুৰ মাদকতা । এইবাৰ সোণাৰি ৰাজহুৱা বিহু সন্মিলনত উদণ্ড যুৱকে প্ৰহাৰ কৰিলে কৰ্তব্যৰত CRPF ৰ জোৱানক(CRPF soldier beaten up by youth in Sonari) ।

সোণাৰি ৰাজহুৱা বিহু সন্মিলনত হাতত তৰোৱাল লৈ CRPF জোৱানক প্ৰহাৰ কৰিলে একাংশ উদণ্ড যুৱকে । ইফালে CRPF ৰ জোৱানক সহায় কৰিবলৈ গৈ আহত হ'ল গাওঁৰক্ষী বাহিনীৰ কৰ্মকৰ্তা পাপু খান নামৰ লোকজনো ।

বিহুতলীত অঘটন: উদণ্ড যুৱকে প্ৰহাৰ কৰিলে CRPF জোৱানক

জানিব পৰা মতে, দিপাংকৰ দুৱৰা নামৰ যুৱকজনে বিহু অনুষ্ঠান চলি থকাৰ মাজতে কৰ্তব্যত নিয়োজিত হৈ থকা CRPF ৰ জোৱানক আক্ৰমণৰ লক্ষ্য কৰি লয় । পাছলৈ পৰিস্থিতি উত্তপ্ত হোৱাত CRPF ৰ জোৱানসকলক সহায় কৰিবলৈ আগবাঢ়ি আহে গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তাও । কিন্তু দিপাংকৰৰ তৰোৱালৰ আঘাটত আহত হয় পাপু খান নামৰ গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তাজনো (VDP injured in sword injuries) ।

ততাতৈয়াকৈ আহত পাপু খানক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় । ইফালে ৰাজহুৱা স্থানত তৰোৱাল লৈ একপ্ৰকাৰ তাণ্ডৱ সৃষ্টি কৰা যুৱকজনক নিশায়ে সোণাৰি আৰক্ষীয়ে আটক কৰে ।

লগতে পঢ়ক: ৰাজপথত বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে কঠোৰ হ'ব চৰকাৰ: মুখ্যমন্ত্ৰী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.