ETV Bharat / state

Chemical of OIL in Moran: মৰাণত অইলৰ ৰাসায়নিক দ্ৰব্য মিশ্ৰিত পানী খাই পশুধনৰ মৃত্যু - Cropland damaged due to chemical mixed water

মৰাণত অইলৰ পৰা নিগৰিত ৰাসায়নিক দ্ৰব্যৰ ফলত কৃষি পথাৰ বিনষ্ট (Agricultural fields damaged due to chemicals)। মৃত্যু হৈছে ঘৰচীয়া জীৱ-জন্তুৰ । মৰাণত অইল ইণ্ডিয়াৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ কাষৰীয়া গাঁওবাসীৰ ।

Chemical of OIL in Petuwa Jan
মৰাণত অইলৰ পৰা নিগৰিত ৰাসায়নিক দ্ৰব্যই ক্ষতি কৰিছে কৃষিভূমিৰ
author img

By

Published : Mar 19, 2023, 1:46 PM IST

মৰাণত অইলৰ পৰা নিগৰিত ৰাসায়নিক দ্ৰব্যই ক্ষতি কৰিছে কৃষিভূমিৰ

মৰাণ, ১৯ মাৰ্চ: অইল ইণ্ডিয়া লিমিটেড, মৰাণৰ এক অবিবেচক কাণ্ডই ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে । অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাদৰ বৰ্জিত বিষাক্ত ৰাসায়নিক দ্ৰব্য সংমিশ্ৰিত পানীয়ে ইয়াৰ দাঁতিকাষৰীয়া কেইবাখনো গাঁৱত ব্যাপক সমস্যাৰ সষ্টি কৰিছে ৷ উল্লেখ্য় যে, মৰাণত অইলৰ পানী ওলাই যোৱাৰ বাবে থকা মূল নলা মৰাণ চাংমাই গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা পেটুৱা জানত সংযোগ হৈ আছে (Chemical of OIL in Petuwa Jan)। সাধাৰণতে অইল এলেকাৰ পৰা দীৰ্ঘদিন ধৰি অতিৰিক্ত পানী এই নলাৰে পেটুৱা জানত পৰেহি যদিও শেহতীয়াকৈ অইলৰ উৎপাদন বিভাগৰ পৰা কোনো ৰাসায়নিক দ্ৰব্য এই নলাৰে এৰি দিয়াৰ ফলত পেটুৱা জানত বিষক্ৰিয়াৰ সৃষ্টি হৈছে ৷

ইতিমধ্য়ে এই জানটোৰ পানী খাই গাঁৱৰ বহু লোকৰ হাঁহ-কুকুৰা, গৰু-ছাগলী আদিৰ বিষক্ৰিয়াত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে (Cattle suffering from poisoning in Moran) ৷ তদুপৰি অইলৰ পৰা নিৰ্গমণ হোৱা ৰাসায়নিক দ্ৰব্যই কাষৰীয়া অঞ্চলৰ কৃষিপথাৰত ব্যাপক ক্ষতি কৰিছে । অইল ইণ্ডিয়া লিমিটেডৰ একাংশ বিষয়া তথা কৰ্মচাৰীৰ দায়িত্বজ্ঞানহীনতাৰ বাবে ৰাইজৰ মাজত সৃষ্টি হৈছে এই হাহাকাৰ পৰিস্থিতিৰ ।

অঞ্চলটোৰ ৰাইজে অইলৰ এনে অবিবেচক কাণ্ডত ক্ষুদ্ধ হৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে । ক্ষুব্ধ স্থানীয় ৰাইজে অইল ইণ্ডিয়া কৰ্তৃপক্ষক এনে অবিবেচক কাণ্ডৰ পৰা আঁতৰি থাকিবলৈ সঁকিয়াই দিছে ৷ ৰাইজে এই প্ৰসংগত কয় যে পুৰ্বে এই অইলৰ পানী ওলাই যোৱাৰ বাবে থকা মূল নলা বন্ধ কৰি দিছিল । ইয়াৰ পাছতেই পুনৰ অইলে নলাটো খুলি পানী এৰি দিছে । স্থানীয় ৰাইজে অইল ইণ্ডিয়া কৰ্তৃপক্ষক এই ক্ষেত্ৰত ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ সঁকীয়াই দিয়ে (Oil India Limited at Moran) ।

এই ভয়াৱহ প্ৰদূষণ সন্দৰ্ভত স্থানীয় ৰাইজে অইল কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন-নিবেদন জনাই আহিছে যদিও আজি পৰ্যন্ত বিষয়টোত কোনো গুৰুত্ব আৰোপ কৰা নাই বুলি অভিযোগ উঠিছে । শীঘ্ৰেই অইল কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিছে স্থানীয় ৰাইজে ৷ ইপিনে,অইলৰ এই অবিবেচক কাণ্ডৰ বিৰুদ্ধে চৰাইদেউ জিলা প্ৰশাসনে কেনে ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক:HSLC question paper leak: শিৱসাগৰত ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগত আটক ৬ শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.