ETV Bharat / state

মৰাণ আৰু খোৱাঙত ৰাজহুৱা ভাৱে ক'ভিড টেষ্টৰ ব্যৱস্থা - ডিব্ৰুগড় জিলা

মৰাণ আৰু খোৱাঙৰ বিভিন্ন ঠাইত ৰাজহুৱা ভাৱে কৰা হৈছে ক'ভিড টেষ্ট ৷ গণ সংক্ৰমণ ৰোধ কৰিবলৈ স্বাস্থ্য বিভাগৰ এই প্ৰচেষ্টা ৷

covid-test-at-public-place-of-khowang-and-moran
মৰাণ আৰু খোৱাঙৰ বিভিন্ন ঠাইত ৰাজহুৱা ভাৱে ক'ভিড টেষ্টৰ ব্যৱস্থা
author img

By

Published : May 22, 2021, 8:36 PM IST

মৰাণ, 22 মে': ৰাজ্যত অপ্ৰতিৰোধ্য হৈ পৰিছে ক’ভিড-19ৰ সংক্ৰমণ ৷ বৃদ্ধি পাইছে ক’ভিড-19 ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ সমান্তৰাভাৱে ডিব্ৰুগড় মৰাণ আৰু খোৱাং অঞ্চলত ভয়ানক হাৰত বৃদ্ধি হৈ আছে ক'ভিড ৰোগীৰ সংখ্যা ৷

গণ সংক্ৰমণ ৰোধ কৰিবলৈ মৰাণ আৰু খোৱাঙৰ বিভিন্ন ঠাইত ৰাজহুৱাভাৱে কৰা হৈছে ক'ভিড টেষ্টৰ ব্যৱস্থা ৷ বিশেষকৈ চাহ বাগিচা অঞ্চল সমূহত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত ক'ভিড টেষ্টৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে তৎপৰ হৈছে স্বাস্থ্য বিভাগ ৷ ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন ঠাইৰ লগতে শনিবাৰে মৰাণৰ বামুনবাৰীত ৰাজহুৱা ভাৱে ক'ভিড টেষ্ট কৰাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ।

মৰাণ আৰু খোৱাঙৰ বিভিন্ন ঠাইত ৰাজহুৱা ভাৱে ক'ভিড টেষ্টৰ ব্যৱস্থা

বামুনবাৰী অঞ্চলৰ ব্যৱসায় প্ৰতিস্থানৰ কৰ্মচাৰীৰ লগতে সকলো সাধাৰণ ৰাইজক কৰা হৈছে ক'ভিড টেষ্ট । শনিবাৰৰ দিনটোত ৰাজহুৱা ভাৱে কৰা এই ক'ভিড টেষ্টত এজন ব্যক্তিৰ দেহত ক'ভিড-19ৰ অৱস্থিতি নিশ্চিত হৈ পৰিছে যদিও আৰু অধিক ৰোগী ক’ভিডত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিলে স্বাস্থ্য কৰ্মী সকলে ।

শেহতীয়াভাৱে স্বাস্থ্য বিভাগৰ এক তথ্য অনুসৰি সমগ্ৰ ডিব্ৰুগড় জিলাখনত মুঠ ক’ভিড-19 ত আক্ৰান্তৰ সংখ্যা 3927 গৰাকী ৷ ইয়াৰে 2409 গৰাকী লোক ক’ভিড মুক্ত হোৱাৰ বিপৰীতে 1501 গৰাকী ক’ভিড আক্ৰান্ত বৰ্তমানো সক্ৰিয় হৈ আছে ৷ উল্লেখ্য যে, এইপৰ্যন্ত ডিব্ৰুগড় জিলাখনত ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 17 গৰাকীলৈ বৃদ্ধি পালে ৷

লগতে পঢ়ক: মৰাণৰ বামুণবাৰী বজাৰত ক’ভিড নীতি উলংঘা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.