ETV Bharat / state

ডিব্ৰুগড়ত পুনৰ এগৰাকী কৰ'ণা আক্ৰান্তৰ মৃত্যু

author img

By

Published : May 6, 2021, 4:34 PM IST

ক'ভিড-১৯ ত আক্ৰান্ত হোৱাৰ সমান্তৰালকৈ প্ৰতিদিনে ৰাজ্যত বৃদ্ধি পাইছে ৰোগীৰ মৃত্যুৰ সংখ্যা । ডিব্ৰুগড়ত প্ৰাণ হেৰুৱালে কৰ'ণাত আক্ৰান্ত হোৱা এগৰাকী মহিলাই । মৃত মহিলাগৰাকী ডিব্ৰুগড়ৰ টেপৰ গাঁৱৰ আইমুনু সোণোৱাল ।

covid-19 patient death in Dibrugarh
ডিব্ৰুগড়ত পুনৰ এগৰাকী কৰ'ণা আক্ৰান্তৰ মৃত্যু

ডিব্ৰুগড়,৬ মে': কালৰূপী কৰ'ণাই প্ৰাণ কাঢ়িছে এজনৰ পিছত আনজনৰ । দেশৰ আন আন ঠাইৰ দৰে অসমতো ক্ৰমান্বয়ে পৰিস্থিতি জটিল হৈ পৰিছে । ডিব্ৰুগড় জিলাতো প্ৰতি দিনে বাঢ়িছে সংক্ৰমণৰ হাৰ । বুধবাৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত কেইবাজনো ক'ভিড ৰোগীৰ মৃত্যু হয় ।

ডিব্ৰুগড়ৰ টেপৰ গাঁৱৰ আইমুনু সোণোৱাল নামৰ এগৰাকী মহিলাগৰাকীৰো মৃত্যু হৈছে । বুধবাৰে নিশা ১২ বজাৰ পৰা বৰ্তমানলৈকে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা ৬ জন ক'ভিড ৰোগীৰ মৃত্যু হৈছে ।

ক'ভিডৰ দ্বিতীয় ঢৌৱে এতিয়ালৈকে ডিব্ৰুগড় জিলাৰ মুঠ ২৭ জন লোকৰ প্ৰাণ কাঢ়িছে । সম্প্ৰতি ৰাজ্যত ভয়াৱহ পৰিস্থিতিয়ে দেখা দিছে । সংক্ৰমণ ৰোধৰ উপায় হিচাপে কেতবোৰ কঠোৰ নিৰ্দেশনা কাৰ্যকৰী কৰিবলগীয়া হৈছে চৰকাৰে ।

লগতে পঢ়ক: ৰাজ্যবাসীৰ সংকটৰ সময়ত পুনৰ জুবিন গাৰ্গৰ মহানুভৱতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.