ETV Bharat / state

মৰাণত চৰকাৰী আবাসৰ নামত লুন্ঠনৰাজ!

মৰাণ সমষ্টিৰ বামুণবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯ নম্বৰ ৱাৰ্ডত চৰকাৰী আবাসৰ নামত লুণ্ঠনৰাজ চলোৱাৰ অভিযোগ অঞ্চলবাসী ৰাইজৰ ৷ চৰকাৰী আবাসৰ নামত পৰিষদৰ সদস্য,পঞ্চায়ত সভানেত্ৰী আৰু ঠিকাদাৰ মিলি লুন্ঠন চলোৱাৰ অভিযোগত জাঙুৰ খাই উঠিছে ৱাৰ্ডটোৰ ৰাইজ ৷

মৰাণ
মৰাণত চৰকাৰী আবাসৰ নামত লুন্ঠনৰাজ!
author img

By

Published : Feb 13, 2020, 6:31 PM IST

মৰাণ, ১৩ ফেব্ৰুৱাৰীঃ মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ লবীকেন্দ্ৰিক ৰাজনীতিৰ ফল ভোগ কৰিছে সাধাৰণ জনতাই । দুৰ্নীতিকাৰীক হাত উজান দিয়া বিধায়ক গৰাকীক এতিয়া একেমুখে ধিক্কাৰ দিছে সমষ্টিবাসী ৰাইজে। মৰাণ সমষ্টিৰ বামুণবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯ নম্বৰ ৱাৰ্ডৰ দুৰ্নীতি সংঘটিত বুলি অভিযোগ উত্থাপন কৰে অঞ্চলবাসীয়ে। চৰকাৰী আবাসৰ নামত পৰিষদৰ সদস্য,পঞ্চায়ত সভানেত্ৰী আৰু ঠিকাদাৰ মিলি লুন্ঠন চলোৱাৰ অভিযোগত জাঙুৰ খাই উঠিছে ৱাৰ্ডটোৰ ৰাইজ ৷ যাৰ বাবে বৃহস্পতিবাৰে অঞ্চলবাসী ৰাইজে দলে বলে ওলাই আহি সাংবাদিকক দেখুৱাইছে লুন্ঠন চলোৱা প্ৰতিটো চৰকাৰী আবাস গৃহৰ দৃশ্য ।

মৰাণত চৰকাৰী আবাসৰ নামত লুন্ঠনৰাজ!

হিতাধিকাৰীৰ অভিযোগ অনুসৰি, অতি লেমেহীয়া গতিত নিৰ্মাণ কৰা গৃহসমূহ নিম্ন মানদণ্ডৰে বনোৱাৰ ফলত কোনো কোনো ঘৰৰ দেৱালসমূহ নিৰ্মাণৰত অৱস্থাতে ভাগি পৰিছে । তাৰোপৰি দেৱাল সমূহৰ ইটা গাঠনি সমূহ উন্নত নোহোৱাত ফাঁ‌ট মেলাৰ অভিযোগ উত্থাপন কৰে হিতাধিকাৰীসকলে ৷ যাৰ বাবে এতিয়া শংকিত হৈছে দৰিদ্ৰ পৰিয়ালকেইটা। ইয়াৰোপৰি হিতাধীকাৰীয়ে নিজ গৃহৰ কামৰ নামত পাব লগা পাৰিশ্ৰমিকো পোৱা নাই কোনো হিতাধিকাৰীয়ে। পৰিতাপৰ কথা যে,পৰিষদৰ সদস্য প্ৰদীপ দত্তই হিতাধিকাৰীৰ একাউন্টত সোমোৱা আবাস গৃহৰ ধনৰ লগতে দুই এজন হিতাধিকাৰীয়ে পৰিশ্ৰম কৰি সাচি থোৱা ধন সমূহো তেওঁলোকৰ একাউন্টৰ পৰা উলিয়াই নিয়া বুলি অভিযোগ কৰে ।

মৰাণত চৰকাৰী আবাসৰ নামত লুন্ঠনৰাজ!

উল্লেখ্য যে, চাহ জনগোষ্ঠীৰলোকে বসবাস কৰা ৱাৰ্ডটোত মুঠ গৃহ আৱন্টন হৈছে ২৪ টা । ইয়াৰে প্ৰায় বিলাক গৃহই বৰ্তমান আধৰুৱা হৈ আছে । ৱাৰ্ড সদস্য গৰাকীক সম্পূৰ্ণভাৱে অন্ধকাৰত ৰাখি কৰা এই কাম বিলাকৰ বিষয়ে বিধায়ক চক্ৰধৰ গগৈক অৱগত কৰিলেও বিধায়ক গৰাকীয়ে কোনো গুৰুত্ব নিদিয়ে বুলি ৰাইজে অভিযোগ কৰে। বিধায়ক গৰাকীৰ পছন্দৰ কেইজনমান লোকক বাচনি কৰি কামৰ দায়িত্ব দি কেৱল কমিচনৰ অংকত ৰাজনীতিত খোজ দিয়া বিধায়ক চক্ৰধৰ গগৈক ২০২১ নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি ৱাৰ্ডটোৰ ৰাইজে ক্ষোভ প্ৰকাশ কৰে ।

আৰু পঢ়কঃ গ্ৰাম্য আদালতৰ জৰিয়তে গ্ৰামাঞ্চলত ন্যায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.