ডিব্ৰুগড়, ৯ আগষ্ট: এতিয়া ৰাজ্যত উন্নয়নৰ নামত দিয়া হৈছে ৰঙীন বিজ্ঞাপন । শাসকীয় মন্ত্ৰী-বিধায়কৰ মুখে মুখে এতিয়া উন্নয়নৰ প্ৰতিশ্ৰুতি । প্ৰতিদিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে ইখনৰ পিছত সিখন অভিলাষী আঁচনি । ৰাজ্য চৰকাৰে উন্নয়নৰ নামত ৰঙীন বিজ্ঞাপন প্ৰচাৰ কৰি থকা সময়ত খোদ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি চাবুৱাত এতিয়াও উন্নয়নৰ এক বিপৰীত ছবিহে দেখিবলৈ পোৱা গৈছে ।
প্ৰাক্তন মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি চাবুৱাত ৬ টা বছৰে নিৰ্মাণ সম্পূৰ্ণ নহ'ল এখন দলঙৰ । ফলত জীয়াতু ভুগিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজ আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ দলঙখন চাবুৱা বিধানসভা সমষ্টিৰ তিনিচুকীয়া-ডিব্ৰুগড় জিলা সীমামূৰীয়া দিনজানত অৱস্থিত । ঐতিহাসিক তামুলী আলি অতিক্ৰম কৰা দিনজান নলাৰ ওপৰত থকা ইংৰাজৰ দিনৰ দলঙখন পুৰণি হোৱা হেতুকে এখন নতুনকৈ কোটি টকীয়া দলং নিৰ্মাণৰ আঁচনি আধাৰশিলা স্থাপন কৰিছিল সাংসদ প্ৰদান বৰুৱাই ।
২০১৮ চনৰ ৩০ আগষ্টত আধাৰশিলা স্থাপন কৰা দলঙখন নিৰ্মাণ কৰিবলৈ ৰাইজে বাৰে বাৰে অনুৰোধ জনোৱাৰ পিছতো ৰাইজৰ অনুৰোধ ৰক্ষা কৰা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই । ফলত দলং নথকাত সমস্যাৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰীসকল । কেতিয়াবা পানীত নামি বিদ্যালয়লৈ যাব লগা হৈছে যদি কেতিয়াবা আকৌ টুলুঙা নাওত উঠি অতি বিপদজনকভাৱে যাতায়ত কৰিব লগা হৈছে । ৰাইজৰ ধন লুটি-পুটি খোৱা ঠিকাদাৰৰ হেমাহিৰ বাবে ৰাইজ তথা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ এনে অৱস্থা হৈছে ।
ৰাইজে ঠিকাদাৰৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়াক দলং নিৰ্মাণৰ বাবে অনুৰোধ জনাই আহিছে যদিও ৰাইজৰ কথাত গুৰুত্ব নাই ঠিকাদাৰৰ । খোদ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত ২৫ মিটাৰ দীঘল এখন দলং ৬ বছৰে নিৰ্মাণ সম্পূৰ্ণ নোহোৱাত এতিয়া দল-সংগঠন আৰু স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । চৰকাৰ আৰু বিভাগৰ বিষয়াসকলক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে ৰাইজে ।
লগতে পঢ়ক: দুজন ঠিকাদাৰে 6 বছৰে সম্পূৰ্ণ কৰিব নোৱাৰিলে এখন দলং