ETV Bharat / state

বিধায়ক তথা লোক নিৰ্মাণ বিভাগৰ বিষয়াৰ আশীৰ্বাদত ঠিকাদাৰে চলাইছে লুন্ঠন ! - সদৌ তাই আহোম ছাত্ৰ সন্থা খোৱাং আঞ্চলিক সমিতি

মৰাণত ঠিকাদাৰৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ ৷ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত প্ৰায় পাঁচ কিঃমিঃ দৈৰ্ঘৰ পথ নিৰ্মাণত নিম্ন মানদণ্ডৰ কাম সংঘটিত হোৱাৰ অভিযোগ ৷

মৰাণত বিধায়ক আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াৰ আশীৰ্বাদত ঠিকাদাৰে চলাইছে লুন্ঠন

author img

By

Published : Jul 7, 2021, 7:49 PM IST

মৰাণ, 7 জুলাই : ৰাজ্য চৰকাৰে চৰকাৰী আঁচনি ৰূপায়নত কোনো ধৰণৰ দুৰ্নীতি হ'বলৈ দিয়া নহ'ব বুলি ঘোষণা কৰা সময়তে ডিব্ৰুগড় মৰাণ বিধানসভা সমষ্টি (Moran Legislative Assembly)ত প্ৰতি আঁচনি ৰূপায়নতে ঠিকাদাৰে লুন্ঠন চলোৱাৰ অভিযোগ উঠিছে । সমষ্টিৰ বিধায়ক আৰু লোক নিৰ্মাণ বিভাগ (Lok Nirman Bhawan)ৰ বিষয়াৰ আশীৰ্বাদত ঠিকাদাৰে ৰাইজৰ অভাৱ অভিযোগক গুৰুত্ব নিদি কাম কৰাৰ ফলতে মৰাণৰ ঘোঁৰাঘাছত নিৰ্মাণৰ পাছতে বহি গ'ল পাঁচ কোটি টকীয়া দলঙৰ দুই মূৰ । মৰাণ বিধানসভা সমষ্টি (Moran Legislative Assembly)ৰ অন্তৰ্গত মৰাণৰ এম এন ৰোডৰ পৰা ঘোঁৰাঘাছ নং ১লৈ যোৱাতো বৰ্ষত নতুনকৈ নিৰ্মাণ কৰা পথছোৱাত তিলৈ নদীৰ ওপৰত থকা দলঙৰ দুই মূৰ বহি যোৱাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা (Pradhan Mantri Gram Sadak Yojana)ৰ অধীনত প্ৰায় পাঁচ কিঃমিঃ দৈৰ্ঘৰ পথছোৱা নিৰ্মাণৰ বাবে প্ৰায় পাঁচ কোটি টকাৰে যোৱাতো বৰ্ষত ঠিকাদাৰ হেমন্ত দুৱৰাই কাম সম্পূৰ্ণ কৰিছিল ৷ কিন্তু নিৰ্মাণৰ কামত ব্যাপক অনিয়ম কৰাৰ অভিযোগ উত্থাপন কৰিছে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ খোৱাং আঞ্চলিক সমিতিয়ে । উক্ত ঘটনা সন্দৰ্ভত সদৌ তাই আহোম ছাত্ৰ সন্থা খোৱাং আঞ্চলিক সমিতিয়ে মৰাণৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰে ।

মৰাণত বিধায়ক আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াৰ আশীৰ্বাদত ঠিকাদাৰে চলাইছে লুন্ঠন

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে লোক নিৰ্মাণ বিভাগ (Lok Nirman Bhawan)ৰ বিষয়াৰ লগতে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ (Moran MLA Chakradhar Gogoi)ক ৰাইজে নিৰ্মাণ কাৰ্যৰ বিসংগতিৰ বিষয়ে বহুবাৰ অৱগত কৰিছিল ৷ কিন্তু কোনোদিন বিভাগীয় বিষয়াৰ লগতে বিধায়ক জনেও কামৰ অগ্ৰগতিৰ বুজ ল'বলৈ চেষ্টা কৰাৰ ৷

চৰকাৰ তথা প্ৰশাসনৰ অমোনোযোগিতা আৰু ঠিকাদাৰৰ গাফিলতিৰ বাবেই নিৰ্মাণৰ এটা বছৰ নহওঁতেই পাঁচ কোটি টকীয়া দলঙৰ দুয়োটা মূৰ ভাঙি পৰিল । পুনৰ ভালদৰে মেৰামতি নকৰিলে একেবাৰে যোগাযোগ বিছিন্ন হোৱাৰ সম্ভাৱনাই বেছি ।‌ মুঠৰ ওপৰত মৰাণত এতিয়া নিম্ন মানদণ্ডৰ কাম কৰি ঠিকাদাৰে লুন্ঠন চলাই যোৱাৰ ব্যাপক অভিযোগ তুলিছে ৰাইজে ।

লগতে পঢ়ক : 2022 ত এইমছ মুকলিৰ সম্ভাৱনা: CM হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.