ডিব্ৰুগড়,17 মাৰ্চঃ ৰাজ্য চৰকাৰে কৰ’ণা ভাইৰাছ সংক্ৰান্তত গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰাৰ পিছত তৎপৰ হৈ পৰিছে ডিব্ৰুগড় জিলা প্ৰশাসন ৷ জিলাখনৰ বাণীপুৰ ৰে’ল ষ্টেচনত বিগত 15মাৰ্চত এজন ব্যক্তিক ভাইৰাছবিধত আক্ৰান্তৰ সন্দেহত চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছিল ৷ সোমবাৰে দক্ষিণ ভাৰতৰ পৰা পুনৰ দুজন ব্যক্তি আহি বাণীপুৰ ৰে'ল ষ্টেচনত উপস্থিত হোৱাক কেন্দ্ৰ কৰি চেপা উত্তেজনা সৃষ্টি হয় চহৰখনত ৷ বিবেক এক্সপ্ৰেছ যোগে ডিব্ৰুগড়ত উপস্থিত হোৱা ব্যক্তি দুগৰাকীৰ বিষয়ে অজ্ঞাত কোনো লোকে ফোনযোগে ভাইৰাছবিধত আক্ৰান্ত বুলি উৰাবাতৰি বিয়পাইছিল ৷ কিন্তু সমগ্ৰ ঘটনাটোক লৈ ষ্টেচনত আতংক বিৰাজ কৰাত চিকিৎসকৰ দল এটা ততালিকে উক্ত স্থানত উপস্থিত হয় ৷ লগতে নিৰীক্ষণৰ বাবে ব্যক্তি দুজনক চিকিৎসালয়লৈ লৈ যায় । চিকিৎসকে নিৰীক্ষণৰ পাছত লোক দুজন সম্পূৰ্ণ বিপদমুক্ত বুলি ঘোষণা কৰি নিজ গৃহলৈ যাবলৈ অনুমতি দিয়ে ৷ উক্ত বিষয় সন্দৰ্ভে সংবাদমেল যোগে সদৰি কৰে ডিব্ৰুগড়ৰ নডেল বিষয়া নৱজ্যোতি গগৈয়ে । বৰ্তমানলৈকে জিলাখনত কোনো লোক এই সংক্ৰমণৰ চিকাৰ হোৱা নাই বুলি স্পষ্ট কৰে ৷ অৱশ্যে,বৰ্তমানলৈকে জিলাখনৰ 56গৰাকী ব্যক্তিক নিৰীক্ষণত ৰখাৰ লগতে স্বাস্থ্য বিভাগ আৰু অসম চিকিৎসা মহাবিদ্যালয়ত থকা সুবিধা সম্পৰ্কে ব্যক্ত কৰে । ইফালে বহিঃৰাষ্ট্ৰীয় ব্যক্তিৰ বিষয়ত বিশেষ গুৰুত্ব দিয়াৰ কথা প্ৰকাশ কৰে স্বাস্থ্য বিষয়া গৰাকীয়ে ।
আনহাতে, কৰ’ণা ভাইৰাছৰ আতংকৰ বাবে বাহিৰলৈ অহা-যোৱাত বাধা আৰোপ কৰিছে ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপালা ঝায়ে ৷ মঙলবাৰে ৰাইজক অত্যন্ত জৰুৰী নহ'লে ঘৰৰ বাহিৰত অনাহকত ঘূৰা-ফুৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনায় উপায়ুক্ত গৰাকীয়ে । লগতে জনসমাগমৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় । স্থানীয় লোকক নিজাববীয়াকৈ সজাগ থাকিবলৈ আহ্বান জনোৱাৰ লগতে শেহতীয়াকৈ বহিঃৰাষ্ট্ৰৰ পৰা অহাৰ সম্ভেদ পালে তেনেলোকৰ খবৰ সংশ্লিষ্ট বিভাগক অৱগত কৰিবলৈ অনুৰোধ জনাইছে উপায়ুক্ত গৰাকীয়ে ৷
লগতে চাওকঃআমেৰিকাই আৰম্ভ কৰিছে কৰ’ণা ভাইৰাছৰ প্ৰতিষেধকৰ পৰীক্ষণ