নামৰূপ, ২০ জুন : ৰাজ্য চৰকাৰৰ দুটাকৈ লাভজনক উদ্যোগ আৰু কেন্দ্ৰীয় চৰকাৰৰ সাৰ উদ্যোগেৰে অসমৰ মানচিত্ৰত উদ্যোগ নগৰী ৰূপে চিহ্নিত নামৰূপত শনিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় ৷ নামৰূপত উপস্থিত হৈ ডঃ শৰ্মাই নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান ১০০ মেগাৱেট ৰিপ্লেচমেণ্ট পাৱাৰ প্ৰজেক্ট(Replacement Power Project), অসম পেট্ৰ'কেমিকেল লিমিটেডৰ(Assam Petrochemicals Limited) নিৰ্মীয়মান দৈনিক ৫০০ টন উৎপাদনক্ষম মিথানল প্ৰকল্প(Methanol project) আৰু ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প’ৰেচন(Brahmaputra Valley Fertilizer Corporation Limited) পৰিদৰ্শন কৰে । লগতে উদ্যোগকেইটাৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী ।
ইয়াৰ পাছত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প’ৰেচনৰ প্ৰাংগণত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকক সম্বোধন কৰে ৷ মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাজ্য চৰকাৰে নামৰূপস্থিত তিনিটা উদ্যোগ পুনৰ উজ্জীৱিত কৰাৰ মানসেৰে তেওঁ নামৰূপত উপস্থিত হৈছে ৷ নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ ৰিপ্লেচমেণ্ট প্ৰজেক্ট তিনি মাহত কমিছনিঙৰ বাবে সাজু হৈ উঠিব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে নিৰ্মীয়মান ৰিপ্লেচমেণ্ট প্ৰজেক্ট সম্পূৰ্ণ হ’লেই অন্য এটা নতুন গোটৰ নিৰ্মাণৰ ব্যৱস্থা কৰা হ'ব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে ৷
১৭০০ কোটি টকাৰে অসম পেট্ৰ'কেমিকেল লিমিটেডৰ ৫০০ টন দৈনিক উৎপাদনক্ষম মিথানল প্ৰকল্প আৰু দুমাহৰ পাচতেই সম্পূৰ্ণ হৈ উঠিব বুলি মুখ্যমন্ত্ৰীজনে জানিবলৈ দিয়ে ৷ অসম পেট্ৰ'কেমিকেল লিমিটেডৰ মিথানল প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলেই এই উদ্যোগটোৰ লগত জড়িত অন্য ভটিয়নি উদ্যোগৰ নিৰ্মাণ সম্পৰ্কে চিন্তা-চৰ্চা কৰিব ৰাজ্য চৰকাৰে ৷ ইফালে মৃত্যুৰ গহ্বৰলৈ গতি কৰা নামৰূপ সাৰ কাৰখানা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, সাৰ কাৰখানাৰ দ্বিতীয় আৰু তৃতীয় গোটৰ বাবে ঘোষণা কৰা ১০০ কোটি টকা কেন্দ্ৰীয় চৰকাৰে এই বৰ্ষৰ চাপ্লিমেণ্টৰি বাজেটত মুকলি কৰি দিব ৷ নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ইতিবাচক মন্তব্য প্ৰদান কৰি কয় যে তেওঁৰ পৰৱৰ্তী দিল্লী ভ্ৰমণত কেন্দ্ৰীয় সাৰ দপ্তৰৰ লগত এই বিষয়ে বিশদভাৱে আলোচনা কৰিব । ইয়াৰ উপৰিও ক'ভিড(Covid) সম্পৰ্কে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে পৰিস্থিত চাই কেইখনমান জিলাত সম্পূৰ্ণ লক ডাউন(Lockdown) হ'ব পাৰে ।
সোমবাৰ অথবা মঙলবাৰে লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত । তেওঁ উল্লেখ কৰা মতে ২১ জুনৰ পৰা প্ৰতিদিনে ৩ লাখ লোকক দিয়া হ'ব ক'ভিড ভেকচিন । ক'ভিডৰ পৰৱৰ্তী ঢৌৰ বাবে সকলোকে সজাগ আৰু সাৱধানতা অৱলম্বনৰ বাবে আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে । নামৰূপ ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীক শক্তিমন্ত্ৰী বিমল বৰা, কৃষি মন্ত্ৰী অতুল বৰা, কেন্দ্ৰীয় খাদ্য সংসাধনৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক তৰংগ গগৈ আৰু তেৰছ গোৱালাই সংগ দিয়ে ৷
লগতে পঢ়ক: মুখ্যমন্ত্ৰীয়ে কৰিছে প্ৰবঞ্চনা: ঋণগ্ৰস্ত মহিলা