ডিব্ৰুগড়,15 মাৰ্চ: ডিব্ৰুগড় চহৰৰ ৰানিংচেদ গেটৰ পূজা ফিল্ডত সোমবাৰে অনুষ্ঠিত হোৱা এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বিধায়ক প্ৰশান্ত ফুকনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী সোণোৱালে ৷
সভাত ভাষণ প্ৰসংগত তেওঁ কয় যে, ‘‘এইবাৰ নিৰ্বাচনত ডিব্ৰুগড়ত প্ৰশান্ত ফুকনে 1 লাখ 10 হাজাৰ ভোটত জয়ী হ’ব আৰু ডিব্ৰুগড় ৰাইজে পুনৰবাৰ উপহাৰ প্ৰদান কৰিব’’ ৷
ইয়াৰোপৰি কংগ্ৰেছক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ‘‘স্বাধীনোত্তৰ কালৰে পৰা কংগ্ৰেছে দেশ শাসন কৰিছে যদিও কংগ্ৰেছৰ কাৰ্যকালৰ সময়ত ৰাইজে পোৱা তিক্ততাপূৰ্ণ ব্যৱস্থা, জনগণৰ ওপৰত অত্যাচাৰ, উৎপীড়ন, অন্যায়, অবিচাৰৰ বিষয়ে ৰাইজে বিগত সময়ত সকলো দেখিছে ৷ অৱশেষত ভাৰতীয় জনতা পাৰ্টীৰ কাষ চাপিল ৰাইজ । বিগত 6 টা দশক ধৰি কংগ্ৰেছে ৰাজত্ব চলালে, কিন্তু ৰাইজৰ অনুভৱ উপলব্ধি কৰিব নোৱাৰিলে । আনকি কংগ্ৰেছে জনগণৰ অনুভূতিসমূহ বুজিবলৈ কোনো প্ৰচেষ্টাই নচলালে’’ ৷
ভাষণ প্ৰসংগত উল্লেখ কৰি পুনৰাই তেওঁ কয় যে, ‘‘কংগ্ৰেছ দলে শাসনৰ সময়ত পাহাৰসম দুৰ্নীতি-ভ্ৰষ্টাচাৰত লিপ্ত হৈছিল । সেয়ে কংগ্ৰেছ দল আমাৰ সমাজ জীৱনত অপৰাধী হিচাপে থকা উচিত । সমাজ জীৱনত কংগ্ৰেছে বহু অত্যাচাৰ চলালে । সেয়ে এই দলে চৰম শাস্তি পোৱাৰ যোগ্য’’ ।
জাতিৰ শত্ৰুৰূপে পৰিচিত বদৰুদ্দিন আজমলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাক ধিক্কাৰ দিয়াৰ লগতে এনেবোৰ বিষাক্ত শক্তিক নিৰ্বাচনতে ৰাইজক নিঃশেষ কৰিবলৈ অনুৰোধ জনাই মুখ্যমন্ত্ৰীয়ে । লগতে তেওঁ এনে শক্তিক চিৰদিনৰ বাবে নিঃশেষ কৰি ব্ৰহ্মপুত্ৰ নদীত উটুৱাই দিবলৈও ৰাইজক আহ্বান জনায় ।
কংগ্ৰেছৰ শাসন কালত ৰাজ্যখনত 156 খন অবৈধ চেকগেট থকাৰ কথা সৰ্বজনবিদিত । কংগ্ৰেছে যিদৰে ৰাইজক ৰামটাঙোন মাৰিব ধৰিলে, ইয়াৰ পাচতে জন সাধাৰণ অতিষ্ঠ হৈ বিজেপিৰ শৰণাপন্ন হ’বলগীয়া হ’ল । বিজেপিৰ দিনত দুৰ্নীতিমুক্ত কৰাৰ লগতে নিকা চাকৰিতো নিযুক্তি কৰা হ’ল বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷
লগতে পঢ়ক : সমষ্টিক পাহৰিলে বিধায়ক বিনোদ হাজৰিকাই !