ETV Bharat / state

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাবে যুগান্তকাৰী পদক্ষেপ গ্ৰহণ মুখ্যমন্ত্ৰীৰ - DUIET

ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ অভাৱ অভিযোগৰ বতৰা ল’লে মুখ্যমন্ত্ৰীয়ে ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমুখত অত্যাধুনিক ফুট অভাৰব্ৰীজৰ কাম আৰম্ভ কৰাৰ লগতে বিশ্ববিদ্যালয়লৈ আন কেইবাটাও দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে ৷

cm-himanta-bishwa-sarma-in-dibrugarh-university
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাবে যুগান্তকাৰী পদক্ষেপ গ্ৰহণ মুখ্যমন্ত্ৰীৰ
author img

By

Published : Oct 1, 2021, 8:40 PM IST

Updated : Oct 1, 2021, 8:58 PM IST

ডিব্ৰুগড়, 1 অক্টোবৰ : উজনিৰ উচ্চ শিক্ষাৰ প্ৰাণ কেন্দ্ৰ ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ক উদেশ্যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও যুগান্তকাৰী পদক্ষেপ । বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ দীৰ্ঘদিনীয়া দাবী আৰু স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ শেহতীয়া মুখ্যমন্ত্ৰীক সাক্ষাৎতৰ যোগেদি বিশ্ববিদ্যালয়ৰ বাবে এখন ফুট ব্ৰীজ নিৰ্মাণৰ আবেদন জনোৱা হৈছিল ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাবে যুগান্তকাৰী পদক্ষেপ গ্ৰহণ মুখ্যমন্ত্ৰীৰ

শুকুৰবাৰে ডিব্ৰুগড়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে বিশ্ববিদ্যালয়ৰ সন্মূখত এখন আটক ধুনীয়া ফুট অভাৰ ব্ৰীজৰ আধাৰশিলা কৰি দিয়ে।প্ৰায় 621.84 লাখ টকা ব্যয়ৰে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে নিৰ্মাণ হ'ব লগীয়া এই পদপথ সেটুৰ কাম আগন্তুক এটা বৰ্ষত সম্পূৰ্ণ হৈ উঠিব বুলি জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

ইয়াৰ লগতে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ স্মাৰক পত্ৰ আৰু অনুৰোধ ৰক্ষা কৰি মুখ্যমন্ত্ৰীৰ বিশ্ববিদ্যালয়ৰ চিকিৎসা কেন্দ্ৰক সুন্দৰ চিকিৎসালয়লৈ ৰূপান্তৰ কৰাৰ কথাও ঘোষণা । এক চমু আধাৰশিলা অনুষ্ঠানৰ যোগেদি পদপথ উৰণীয়া সেঁতুৰ আধাৰশিলা কৰিয়েই বিশ্ববিদ্যালয়ৰ আন কেইবাটাও দিশত উত্তৰণৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

বৃহৎ ব্যাসাৰ্ধৰ আৱৰা বিশ্ববিদ্যালয়ৰ চৌহদত মোবাইল আৰু ইন্টাৰনেটৰ ব্যাপক অসুবিধা দীৰ্ঘদিন ধৰি অব্যাহত থকালৈ লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে জিঅ আৰু আন মোবাইল নেটৱৰ্ক কোম্পানীৰ সৈতে আলোচনাৰে বিশ্ববিদ্যালয়ৰ চৌহদত মোবাইল টাৱাৰ সংস্থাপনৰ বাবেও ব্যৱস্থা কৰিছে বুলি কয় । স্বাভাৱিকতেই মুখ্যমন্ত্ৰী গৰাকীৰ এই ঘোষণাৰ পিছত এতিয়া, উৎফুল্লিত হৈ পৰিছে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সমাজ ৷

লগতে পঢ়ক : নতুন SOP আহিল : ছবি গৃহ মুকলি কৰাৰ অনুমতি ৰাজ্য চৰকাৰৰ

Last Updated : Oct 1, 2021, 8:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.