ETV Bharat / state

ডিব্ৰুগড়ত পঞ্জীয়নকৃত নির্মাণ শ্রমিক সকলৰ মাজত সাহাৰ্য বিতৰণ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Feb 20, 2021, 10:32 PM IST

শ্রমিক কল্যাণ বিভাগৰ অধীনস্থ অসম গৃহ আৰু অন্যান্য নির্মাণ শ্রমিক কল্যাণ পৰিষদৰ অধীনত পঞ্জীয়নকৃত নির্মাণ শ্রমিক সকলৰ মাজত আর্থিক সাহায্যৰ আগবঢ়ায় মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে । এই উপলক্ষে মুখ্যমন্ত্রীয়ে পঞ্জীয়নকৃত নির্মাণ শ্রমিক সকলৰ মাজত চিকিৎসা, বিবাহ, স্বাস্থ্য পৰীক্ষা, পেঞ্চন, প্রসুতি, শিক্ষা সাহায্যৰ উপৰিও মৃত্যুৰ আর্থিক সাহায্য আদিৰ অনুদান আনুষ্ঠানিকভাৱে প্ৰদান কৰে ।

cms-distribution-of-support-among-workers
ডিব্ৰুগড়ত পঞ্জীয়নকৃত নির্মাণ শ্রমিক সকলৰ মাজত সাহাৰ্য বিতৰণ মুখ্যমন্ত্ৰীৰ

ডিব্ৰুগড়, 20 ফেব্ৰুৱাৰী : অসম চৰকাৰৰ শ্রমিক কল্যাণ বিভাগৰ অধীনস্থ অসম গৃহ আৰু অন্যান্য নির্মাণ শ্রমিক কল্যাণ পৰিষদৰ অধীনত পঞ্জীয়নকৃত নির্মাণ শ্রমিক সকলৰ মাজত আর্থিক সাহাৰ্য আগবঢ়ায় মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে । এই উপলক্ষে মুখ্যমন্ত্রীয়ে পঞ্জীয়নকৃত নির্মাণ শ্রমিক সকলৰ মাজত চিকিৎসা, বিবাহ, স্বাস্থ্য পৰীক্ষা, পেঞ্চন, প্রসুতি, শিক্ষা সাহায্যৰ উপৰিও মৃত্যুৰ আর্থিক সাহায্য আদিৰ অনুদান আনুষ্ঠানিকভাৱে প্ৰদান কৰে ।

উল্লেখ্য যে, মুঠ ২১৫৬২ জন পঞ্জীভূত নির্মাণ শ্রমিক আৰু শ্ৰমিকৰ লৰা ছােৱালীক প্রায় ১.৯৭ কোটি টকাৰ সাহায্য অনুদান হিচাপে প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে । শিক্ষা সাহায্যত ৫০১৭ জন শ্রমিকৰ বাবে ২.৭৬ কোটি টকা, মৃতকৰ সাহাৰ্য আৰু ক্রিয়া কৰ্মৰ বাবে ৪০ জন শ্রমিক ৩৫ লাখ টকা, স্বাস্থ্য পৰীক্ষাৰ বাবে ১৭৭৮৭ জন শ্রমিক ৭ কোটি টকা, চিকিৎসা সাহাৰ্য বাবে ১১ জন শ্রমিকক ২৫ লাখ টকা, পৰিয়াল পেঞ্চনৰ বাবদ ১১ জন শ্রমিক ৮ লাখ টকা, প্রতিবন্ধীৰ পেঞ্চনৰ বাবে ৫ জন শ্রমিক ১ লাখ টকা, বিবাহ সাহাৰ্যৰ বাবদ ১৭ জন শ্রমিকক ৪৩ লাখ টকা আৰু প্রসুতি সাহাৰ্যৰ বাবে ১ গৰাকী মহিলা শ্রমিকক ২০ হাজাৰ টকা পৰিষদৰ তৰফৰ পৰা মােকলাই দিয়াৰ ব্যৱস্থা কৰা হৈছে ।

অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন, সঞ্জয় কিষান, বিধায়ক প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা, চক্ৰধৰ গগৈ, তেৰছ গোৱালা আদি উপস্থিত থাকে ৷

লগতে পঢ়ক: মানৱীয়তাৰ খাতিৰত QUIPPO ৰ দুই বিষয়াক মুক্তি দিয়ক: মুখ্যমন্ত্ৰী সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.