মৰাণ,১ এপ্ৰিল: প্ৰতি বছৰে ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অধিকাংশ গাঁও বানত ডুব যায় । ফলত গাঁৱবাসীয়ে যথেষ্ঠ কষ্টেৰে দিন কটাবলগীয়া হয় । ইয়াৰ পৰিপ্ৰেক্ষিততেই বৃহস্পতিবাৰে সমষ্টিটোৰ খোৱাঙৰ বানাক্ৰান্ত গাঁওসমূহ পৰিদৰ্শন কৰে জিলাখনৰ চক্ৰ বিষয়া, জলসম্পদ বিভাগৰ বিষয়াই ।

বিগত বানৰ সময়ত মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত ক্ষতিগ্ৰস্ত হোৱা গাওঁ ক্ৰমে চেঁচুঘাট, আঘোনিবাড়ী, ১ আৰু ২ নং মইনাগাওঁ, হালধিবাৰী আৰু বোকাহুলাত বৃহস্পতিবাৰে মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, জল সম্পদ বিভাগৰ বিষয়া উপস্থিত হৈ উক্ত গাঁৱসমূহ পৰিদৰ্শন কৰে । লগতে গাঁৱবাসীৰ সৈতে মত বিনিময় কৰে বিষয়াসকলে ।

আগন্তুক বাৰিষা কালত বানৰ সময়ত ল'বলগীয়া সাৱধানতা বিশেষকৈ পশুধনৰ খাদ্য মজুতকৰণ আৰু গাঁৱসমূহত থকা স্থানীয় নাওসমূহ বানৰ সময়ত কিদৰে ব্যৱহাৰ কৰিব পাৰি তাৰ বিষয়েও আলোচনা কৰা হয় পৰিদৰ্শনকালত । ইফালে, আঘোনিবাড়িৰ পৰা চেঁচুঘাটলৈ নিৰ্মাণ হৈ থকা বান্ধ আৰু যোৱা বানত ক্ষতিগ্ৰস্ত হোৱা মাইনা গাঁৱৰ ৰিং বান্ধটো পৰিদৰ্শন কৰে বিষয়াসকলে ।
লগতে পঢ়ক: লাহৰীঘাটৰ ভূৰাগাঁৱত উত্তপ্ত পৰিস্থিতি