মৰাণ, 16 ডিচেম্বৰ: নানা ৰঙৰ জাৰ্চি পিন্ধি ৰাজহুৱা খেলপথাৰত নামিছে এজাক কণমানি ৷ কণমানি ভৰিৰ যাদুৱে আকৰ্ষিত কৰিছে অঞ্চলবাসীক ৷ ডিব্ৰুগড় জিলাৰ লাহোৱাল পিৰাফলা গাঁৱৰ এজাক কণমানিৰ ভীষণ ব্যস্ততা ৷ কোনোবাই যদি মেচি হোৱাৰ সপোন দেখিছে আন কোনোবাই মাৰাডোনা নতুবা ৰোণাল্ড' হোৱাৰ সপোন দেখিছে ৷ ফুটবলৰ মহাৰণেৰে বিশ্ব জয়ৰ হেঁপাহেৰে যেন ফুটবল খেলিছে ৷
ডিব্ৰুগড় জিলাৰ ডি এডুকেশ্বন্যনেল এণ্ড স্পৰ্টছ ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু লাহোৱালবাসী ৰাইজৰ সহযোগত ডিব্ৰুগড়ৰ লাহোৱাল পিৰাফলা ৰাজহুৱা খেলপথাৰত ১০ দিনীয়া ফুটবল কৰ্মশালাৰ আয়োজন কৰা হৈছে ৷ মংগলবাৰে কৰ্মশালাৰ অন্তত শিশু সকলে পাৰদৰ্শিতা দেখাইছে ফুটবলৰ মহাৰণত ৷ এই কৰ্মশালা খন বিনামূলীয়াকৈ ৩ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ অনুষ্ঠিত কৰা হৈছিল ৷
লগতে পঢ়ক: মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ