ডিব্ৰুগড়,9জুন: ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়( Assam Medical College)ত এটি কণমানিৰ মৃত্যুক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ বিগত 3 জুনত লখিমপুৰৰ সুচমিতা খাতুন নামৰ কণমানিজনীক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু চিকিৎসাধীন অৱস্থাতে মাজনিশা শিশুটিৰ মৃত্যু হয় ৷
উল্লেখ্য যে, কিছুদিন পূৰ্বেও দুটি শিশুৰ মৃত্যু হৈছিল ৷ বৰ্তমানলৈকে অসম চিকিৎসা মহাবিদ্যালয়ত ক'ভিড আক্ৰান্ত হৈ 3টি শিশুৰ মৃত্যু হৈছে ৷ আনহাতে ডিব্ৰুগড়ত মংগল বাৰৰ দিনটোত 230 গৰাকীলোক নতুনকৈ ক'ভিড আক্ৰান্ত হোৱাৰ লগতে 6 গৰাকী লোকৰ মৃত্যু হয় ।বৰ্তমানলৈকে জিলাখনত দ্বিতীয়টো ঢৌত মুঠ 212 জনৰ মৃত্যু হোৱা লগতে আক্ৰান্ত হৈছে মুঠ 15,889 গৰাকী লোক ৷
লগতে পঢ়ক: যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তাল ৰূপহীহাট