ETV Bharat / state

আহোম স্বৰ্গদেউ চাওলুং চ্যুকা-ফাক লৈ কটু মন্তব্য পশ্চিমবংগৰ বুদ্ধিজীৱিৰ

author img

By

Published : Jun 18, 2020, 3:28 PM IST

স্বৰ্গদেউ চাওলুং চ্যুকা-ফা হৈছে চীনা আক্ৰমণকাৰী তথা অনুপ্ৰৱেশকাৰী " ৷ টুইটাৰ যোগে এই উদ্ভট মন্তব্য আগবঢ়াইছে পশ্চিমবংগৰ অধ্যাপক তথা বুদ্ধিজীৱি গার্গ চেটাৰ্জীয়ে ৷

Chaolung Sukaphaa is a  CHINESE INVADER : Garga Chatterjee
আহোম স্বৰ্গদেউ চাওলুং চ্যুকা-ফাক লৈ কটু মন্তব্য পশ্চিম বংগৰ বুদ্ধিজীৱিৰ

ডিব্ৰুগড়,18 জুন: বৰ অসমৰ স্ৰষ্টা,আহোম স্বৰ্গদেউ চাওলুং চ্যুকা-ফাক লৈ কটু মন্তব্য পশ্চিমবংগৰ গৰাকী বঙালী বুদ্ধিজীৱিৰ ৷ "স্বৰ্গদেউ চাওলুং চ্যুকা-ফা হৈছে চীনা আক্ৰমণকাৰী তথা অনুপ্ৰৱেশকাৰী " ৷ টুইটাৰ যোগে এই উদ্ভট মন্তব্য আগবঢ়াইছে পশ্চিমবংগৰ "ভাৰতীয় পৰিসাংখ্যিক প্ৰতিষ্ঠান (Indian statistical institute)"ৰ অধ্যাপক তথা বুদ্ধিজীৱি গার্গ চেটাৰ্জীয়ে ৷ শেহতীয়াকৈ চীন ভাৰতৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ সময়তে আহোম সকলক চাইনীজ বুলি মন্তব্য কৰাৰ লগতে অসমত চৰকাৰৰ উদ্যোগত চ্যুকাফা দিৱস পালন কৰা কাৰ্যকো সমালোচনা কৰে বুদ্ধিজীৱি গৰাকীয়ে ৷

Garga Chatterjee tweet
বুদ্ধিজীৱি গার্গ চেটাৰ্জী বিতৰ্কিত টুইট

এই ঘটনাৰ পাছতে এতিয়া জাঙুল খাই উঠিছে সচেতন মহলৰ লগতে বিভিন্ন দল-সংগঠন ৷ এই ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰে ডিব্ৰুগড়ৰ এগৰাকী চিকিৎসক তথা সমাজ কৰ্মী ডাঃ ভাস্কৰ পাপুকন গগৈয়ে ৷

উল্লেখ্য যে,স্বৰ্গদেউ চুকাফাক "CHINESE INVADER" আখ্যা দি চুকাফাৰ প্ৰতিমূৰ্তিৰ বাবে বিজেপিয়ে প্ৰকৃততে ভাৰতীয়ৰ ধনৰ অপব্যয় কৰাৰো অভিযোগ উত্থাপন কৰিছে বুদ্ধিজীৱি গার্গ চেটাৰ্জীয়ে ৷ লগতে চ্যুকাফাক চীনা আক্ৰমণ কাৰী তথা অনুপ্ৰৱেশকাৰী বুলি অভিহিত কৰি অসমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম দিৱস পতা,তথা চ্যুকাফাৰ মূৰ্ত্তি স্থাপন কৰি পূজা কৰা আদি কাৰ্য ভাৰত বিৰোধী বুলি বিভিন্ন বিতৰ্কিত মন্তব্য কৰে এইজন বংগ লেখকে ৷ আহোম স্বৰ্গদেউ গৰাকীৰ বিৰুদ্ধে এনে কটু মন্তব্য আগবঢ়োৱা তথাকথিত বুদ্ধিজীৱি গার্গ চেটাৰ্জীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে সচেতন ৰাইজে ৷ লগতে এইয়া ৰাজনৈতিক ষড়যন্ত্ৰও হ'ব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰি তেওঁৰ Twitter একাউণ্ট বন্ধ কৰিবলৈ জনাই দাবী জনাইছে চিকিৎসক ভাস্কৰ পাপুকন গগৈয়ে

লগতে পঢ়কঃ বৰহোলাৰ জয়ন্ত বৰাৰ মৃত্যুক পৰিকল্পিত হত্যা আখ্যা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.