ETV Bharat / state

নামৰূপ সাৰ কাৰখানালৈ ১০০ কোটি টকা মুকলি কেন্দ্ৰীয় সাৰ মন্ত্ৰালয়ৰ

author img

By

Published : Nov 11, 2021, 2:18 PM IST

কেন্দ্ৰীয় সাৰ মন্ত্ৰালয়ে ১০০ কোটি টকা মুকলি কৰি দিছে নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প'ৰেছন লিমিটেডলৈ । মৃতপায় অৱস্থাত থকা সাৰ কাৰখানাটোলৈ এই ধনৰাশি মুকলি কৰি দিয়াৰ পাচতে আনন্দিত হৈ পৰিছে কৰ্মচাৰীসকলৰ লগতে সমগ্ৰ নামৰূপবাসী ।

Centre grant 100 crore for Brahmaputra valley fertilizer corporation limited
নামৰূপ সাৰ কাৰখানালৈ ১০০ কোটি টকা মুকলি

মৰাণ, ১১ নৱেম্বৰ : কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অৱহেলাৰ বাবেই নামৰূপত থকা অসমৰ একমাত্ৰ সাৰ কাৰখানাটোৰ যে মৃতপায় অৱস্থা হৈছে সেয়া সৰ্বজনবিদিত । সাৰ কাৰখানাটো পুনৰুজ্জীৱিত কৰিবলৈ কৰ্মচাৰীসকলে আহ্বান জনোৱাৰ লগতে দল-সংগঠনেও বহু প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল । পূৰ্বৰ চৰকাৰে প্ৰতিশ্ৰুতিও দিছিল । কিন্তু সাৰ কাৰখানাটো পূৰ্বৰ দৰে কাৰ্যক্ষম কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল ।

অৱশেষত কৰ্মচাৰীসকলৰ আহ্বান আৰু দল-সংগঠনৰ প্ৰতিবাদ সাৰ্থক হ'ল । নামৰূপ সাৰ কাৰখানাৰ উৎপাদনক্ষম হৈ থকা দ্বিতীয় আৰু তৃতীয় গোটৰ মেৰামতিৰ বাবে কেন্দ্ৰীয় সাৰ মন্ত্ৰালয়ে পূৰ্বে ঘোষিত ১০০ কোটি টকা মুকলি কৰি দিছে ।

নামৰূপ সাৰ কাৰখানালৈ ১০০ কোটি টকা মুকলি

উল্লেখ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ কেবিনেট কমিটীয়ে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প'ৰেছন লিমিটেডৰ গোটসমূহৰ উৎপাদনৰ পৰিমাণ বৰ্তাই ৰখাৰ বাবে ১০০ কোটি টকাৰ সাহায্য প্ৰদানৰ বাবে সাৰ মন্ত্ৰালয়ৰ প্ৰস্তাৱত অনুমোদন জনাইছিল ।

সাৰ কাৰখানালৈ ১০০ কোটি টকাৰ সাহায্য আগবঢ়াই বছৰি ৩.৯০ লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদন কৰাৰ ক্ষমতা পুনৰুদ্ধাৰ কৰা হ'ব আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বিশেষকৈ অসমৰ চাহ উদ্যোগ আৰু কৃষি খণ্ডত সময় মতে ইউৰিয়াৰ উপলব্ধতা নিশ্চিত কৰ হ'ব । উক্ত ধনৰাশি মোকলাই দিয়াৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় ৰাসায়নিক পদাৰ্থ আৰু সাৰ মন্ত্ৰী মনসুখ মাণ্ডৱিয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে ।

লগতে নামৰূপৰ দল-সংগঠন আৰু সাৰ কাৰখানাটোৰ কৰ্মচাৰীসকলেও কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ধন্যবাদ জনাইছে । কেন্দ্ৰৰ এই পদক্ষেপক শলাগ লৈ প্ৰস্তাৱিত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণৰ বাবে ব্যৱস্থা ল’বলৈ স্থানীয় ৰাইজে চৰকাৰক অনুৰোধ জনাইছে । কেন্দ্ৰীয় সাৰ মন্ত্ৰালয়ে পূৰ্বে ঘোষিত ১০০ কোটি টকা মুকলি কৰি দিয়াৰ পাচতে নামৰূপ সাৰ কাৰখানাৰ কৰ্মচাৰীসকলৰ লগতে ৰাইজে ফটকা ফুটাই আনন্দ কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক: আমিনগাঁৱত অগ্নিকাণ্ড : ভষ্মীভূত 15 লক্ষাধিক টকাৰ সম্পত্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.