মৰাণ, 3 ডিচেম্বৰ: আজি আন্তৰ্জাতিক দিব্যাংগ দিৱস । বিশেষভাৱে সক্ষম লোকসকলক উৎসাহ দিয়াৰ উদ্দেশ্যে পালন কৰা হয় আন্তৰ্জাতিক দিব্যাংগ দিৱস । মৰাণতো অনুষ্টুপীয়াকৈ পালন কৰা হ'ল আন্তৰ্জাতিক দিব্যাংগ দিৱস । সেই উপলক্ষে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত আৰু সমাজ কল্যাণ বিভাগৰ সহযোগত একাংশ বিশেষভাৱে সক্ষম লোকৰ বাবে মৰাণ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত এটা বিশেষ স্ক্ৰীনিং শিবিৰ অনুষ্ঠিত কৰা হয় ।
মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে খোৱাং উন্নয়ন খণ্ডৰ বাবে অনুষ্ঠিত শিবিৰৰ শুভাৰম্ভণি কৰে ৷ লগতে বিধায়কগৰাকীয়ে বিভাগীয় মন্ত্ৰীৰ সৈতে মৰাণ সমষ্টিৰ বিশেষভাৱে সক্ষম সকলৰ উন্নয়নৰ বাবে বিশেষ আঁচনি ৰূপায়ণৰ ব্যৱস্থা গ্ৰহণৰ দাবী কৰিব বুলি উল্লেখ কৰে । উল্লেখ্য যে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ সহযোগত অতি সোনকালে জিলা খনৰ অন্যান্য উন্নয়ন খণ্ডকেইটাতো একে ধৰণৰ স্ক্ৰীনিং শিবিৰ অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়ে ।
লগতে পঢ়ক: চৰকাৰে প্ৰতিবন্ধীসকলক মাহী আইৰ দৃষ্টিৰে চাই আহিছেঃনৃপেন মালাকাৰ