ETV Bharat / state

শ্বহীদ বীৰ বিৰচা মুণ্ডাৰ ১৪৫ সংখ্যক জন্ম জয়ন্তী উদযাপন

টিংখাঙত অনুষ্ঠিত হৈ যায় ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰচা মুণ্ডাৰ ১৪৫ সংখ্যক জন্মদিন ৷ এই অনুষ্ঠানত পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বৃক্ষৰোপন, বীৰ শ্বহীদ গৰাকীৰ প্ৰতিমূৰ্তিত পুস্প মালা অৰ্পন কৰা হয় ।

শ্বহীদ বীৰ বিৰচা মুণ্ডাৰ ১৪৫ সংখ্যক জন্ম জয়ন্তী উদযাপন
শ্বহীদ বীৰ বিৰচা মুণ্ডাৰ ১৪৫ সংখ্যক জন্ম জয়ন্তী উদযাপন
author img

By

Published : Nov 16, 2020, 8:39 AM IST

টিংখাং, 16 নৱেম্বৰ : টিংখাঙৰ পিঠাগুটিত বৰ্ণাঢ্য আয়োজনেৰে অনুষ্ঠিত হৈ যায় ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰচা মুণ্ডাৰ ১৪৫ সংখ্যক জন্মদিন । অসম মুণ্ডা মহাসভাৰ অবিভক্ত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা সমিতি আৰু জিলা মহিলা সমিতিৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত উপস্থিত থাকে জিলা দুখনৰ বিভিন্ন প্ৰান্তৰ অসম মুণ্ডা মহাসভাৰ কৰ্মকৰ্তা, কেন্দ্ৰীয় সমিতিৰ বিষয়ৱবীয়া আৰু চাহ জনগোষ্ঠীয় লোক । এই অনুষ্ঠানত পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বৃক্ষৰোপন, বীৰ শ্বহীদ গৰাকীৰ প্ৰতিমূৰ্তিত পুস্প মালা অৰ্পন কৰা হয় ।

শ্বহীদ বীৰ বিৰচা মুণ্ডাৰ ১৪৫ সংখ্যক জন্ম জয়ন্তী উদযাপন

এই অনুষ্ঠান উপলক্ষে কেইবাশতাধিক লোকে লোকাৰন্য হৈ পৰে টিংখাঙৰ পিঠাগুটি ১০ নং লাইন খেলপথাৰ । দুপৰীয়া ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰচা মুণ্ডাৰ জন্ম জয়ন্তী উপলক্ষে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ লগতে সাংস্কৃতিক শোভাযাত্ৰাত প্ৰায় দহ হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰে । বিয়লি অনুষ্ঠিত হয় এখন মুকলি সভা । সভাত উপস্থিত থাকে অসম মুণ্ডা মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক নৰেশ মুণ্ডা,সহকাৰী সম্পাদক ৰাজেন মুণ্ডা,উপ সভাপতি ধীৰেন মুণ্ডা,মাণিক মুণ্ডা,উপদেষ্টা এটুৱা মুণ্ডাকে ধৰি কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বিষয়ৱবীয়াসকল ।

লগতে পঢ়ক: মন্ত্ৰী হিমন্তক তুলাধুনা হাগ্ৰামাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.