মৰাণ, 15 অক্টোবৰ: মৰান ৰাজহচক্ৰৰ অন্তৰ্গত নিগমৰ সাপ্তাহিক বজাৰলৈ যোৱা পথৰ দুৰৱস্থাৰ ফলত জ্বলা কলা খাইছে মৰানবাসী ৰাইজে ৷ বিভাগীয় ঠিকাদাৰৰ অদূৰদৰ্শিতা তথা নিম্ন মাণদণ্ডৰে বাৰে বাৰে পথটো নিৰ্মাণ কৰি আহিছে যদিও অলপ দিনতে পুনৰ আগৰ ৰূপ লয় পথটোৱে ৷ এইবাৰো পথটো নিৰ্মাণৰ এমাহৰ পিচতে ব্লেকটপিং এৰি দ' গাঁতৰ সৃষ্টি হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত ডিব্ৰুগড় জিলাৰ গড়কাপ্তানি পথ সংমণ্ডলৰ গ্ৰাম্য পথ সংমণ্ডলস্থিত ডিব্ৰুগড় সাপেখাটি সংযোগী পথটোৰ নতুন ভৰালীৰ প্ৰভাতী চাৰি আলিৰ পৰা নিগমৰ সাপ্তাহিক শুকুৰবৰীয়া বজাৰলৈ যোৱা পথচোৱাৰ নিৰ্মাণৰ কাম ইতিমধ্যে বহুবাৰ হাতত লোৱাৰ পাচতো যাতায়তৰ বাবে পথটো সম্পূৰ্ণ অনুপযোগী হৈ পৰিছে ৷ স্থানীয় নিগম, ভৰালী মেচলৌ চৰাইহাবি, হৰেঘাট, পানী নিগম আদি গাৱঁৰ জনসাধাৰণে অভিযোগ কৰিছে যে, পথ নিৰ্মাণকাৰী বিভাগীয় ঠিকাদাৰৰ অদূৰদৰ্শিতাৰ বাবেই পথটোৰ পকী অংশৰ পৰা ব্লেকটপিং এৰাই যোৱাৰ লগতে দ' গাঁতৰ সৃষ্টি হোৱাত যাতায়ত বিঘ্নিত হৈ পৰিছে ৷
উল্লেখনীয় যে ডিব্ৰুগড় সাপেখাটি সংযোগী পথটোৰ ভৰালী নিগমলৈ প্ৰায় ৩ কিলোমিটাৰৰ এই গড়কাপ্তানি পথচোৱা প্ৰথম নিৰ্মাণ কৰা সময়ৰ পৰাই যথেষ্ট আসোঁৱাহ পূৰ্ণ হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ অভিযোগ অনুসৰি পথটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ এক সপ্তাহৰ পিচতেই সমগ্ৰ পথটো বখলা বখলে এৰাই গৈছিল। পৰৱৰ্তী সময়ত পথটো আকৌ নিৰ্মাণ কৰিছিল যদিও এমাহ নৌহওতেই পথটো পুনৰ বখলা বখলে এৰাই পূৰ্বৰ অৱস্থালৈ পৰ্যবসিত হয় ৷ বৰ্তমান উক্ত ভৰালী নিগম পথটোত দ গাতঁৰ সৃষ্টি হৈ যাতায়াতৰ বাবে প্ৰায় অনুপযোগী হৈ উঠিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। পথটোৰ শোচনীয় অৱস্থাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব আৰোপ কৰাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে ৷
লগতে পঢ়ক: ডিগবৈত বন্যহস্তীয়ে গচকি প্ৰাণ ল’লে অইলৰ কৰ্মচাৰীৰ