ETV Bharat / state

Maha Jansampark Abhiyan: পুনৰ প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোদী; সৰ্বানন্দ সোণোৱাল

দুলীয়াজানত অনুষ্ঠিত বিজেপিৰ মহা জনসম্পৰ্ক অভিযান ৷ সভাত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ প্ৰায় 15 হাজাৰ লোকে অংশ লয় এই সভাত ৷

Maha Jansampark Abhiyan
Maha Jansampark Abhiyan
author img

By

Published : Jun 22, 2023, 8:37 PM IST

পুনৰ প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোদী; সৰ্বানন্দ সোণোৱাল

ডিব্ৰুগড়, 22 জুন: 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰতিটো দলেই আৰম্ভ কৰি প্ৰচাৰ অভিযান ৷ শাসকীয় দল বিজেপিয়েও তীব্ৰতৰ কৰি তুলিছে অভিযান ৷ বৃহস্পতিবাৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত তৈল নগৰী দুলীয়াজানত ৰণডংকা বজালে শাসকীয় দল বিজেপিয়ে ৷

বিশাল জনসম্পৰ্ক সভাৰে লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টীৰ শক্তি প্ৰদৰ্শন দুলীয়াজানত ৷ য’ত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ প্ৰতিকূল বতৰকো নেওচি সভাত উপস্থিত থাকে 9 টা বিধানসভা সমষ্টিৰ হাজাৰ হাজাৰ বুথ, মৰ্চা আৰু মণ্ডলৰ কাৰ্যকৰ্তা ৷

এই বিশাল জনসম্পৰ্ক অভিযান অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দাবী কৰি কয় যে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোদী ৷ 2024ৰ নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা ৰামেশ্বৰ তেলীক 5 লাখ ভোটৰ ব্যৱধানত জয়ী কৰাই ৰাইজে দিল্লীলৈ পঠাব বুলিও দাবী কৰে সোণোৱালে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ 9 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা হয় এই মহা জনসম্পৰ্ক অভিযান ৷ সভাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী সাক্ষাৎ বিচাৰি উন্নত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰ প্ৰধানে অপেক্ষা কৰে ৷ ভাৰত এতিয়া বিশ্বৰ সবাতোকৈ শক্তিশালী ৷

উল্লেখ্য যে ডিব্ৰুগড়, দুলীয়াজান, মৰাণ , টিংখাং, নাহৰকটীয়া, চাবুৱা, লাহোৱাল, তিনিচুকীয়া, ডুমডুমা, ডিগবৈ আৰু মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰায় 15 হাজাৰ অধিক লোক উপস্থিত থাকে এই সভাত ৷

সৰ্বানন্দ সোণোৱালৰ লগতে সভাত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা , সাংসদ তপন কুমাৰ গগৈ, বিধায়ক প্ৰশান্ত ফুকন, বিনোদ হাজৰিকাকে ধৰি কেইবাগৰাকীও বিধায়ক আৰু দলীয় নেতা ৷

লগতে পঢ়ক: Constituency delimitation: নিৰ্বাচন আয়োগৰ খচৰাক লৈ বিজেপিৰ মিত্রদল অগপত মতান্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.