ETV Bharat / state

চাবুৱাত অজয় ফুকনৰ বিশাল বাইক ৰেলী

বিধানসভা নিবাৰ্চনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে মাথো তিনিটা দিন বাকী থকা অৱস্থাতে ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে চলিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ৷ আন আন সমষ্টিসমূহৰ দৰে ডিব্ৰুগড় জিলাৰ প্ৰতিটো সমষ্টিৰ প্ৰাৰ্থীয়ে ইতিমধ্যে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ৷ মঙলবাৰে চাবুৱা বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী অজয় ফুকনে প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে এক বিশাল বাইক ৰেলী উলিয়ায় ৷

author img

By

Published : Mar 23, 2021, 5:57 PM IST

চাবুৱাত কংগ্ৰেছ প্ৰাৰ্থী অজয় ফুকনৰ বিশাল বাইক ৰেলী

মৰাণ,23 মাৰ্চ: মাথো তিনিটা দিনৰ পাচতে ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিবাৰ্চনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ৷ ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে চলিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ৷ আন আন সমষ্টিসমূহৰ দৰে ডিব্ৰুগড়ৰ প্ৰতিটো সমষ্টিৰ প্ৰাৰ্থীয়ে ইতিমধ্যে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । শাসক-বিৰোধী উভয় পক্ষই নিজ নিজ কৌশলেৰে পূৰ্ণ গতিত প্ৰচাৰ চলোৱাৰ সমান্তৰালভাৱে মঙলবাৰে চাবুৱা বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী অজয় ফুকনেও প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে এক বিশাল বাইক ৰেলী উলিয়ায় ৷

উল্লেখ্য যে, চাবুৱা নগৰৰ পৰা উলিওৱা এই বাইক ৰেলীত চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহৰ সহস্ৰাধিক সমৰ্থকে যোগদান কৰে ৷ সমষ্টিটোত সমৰ্থকসকলক লৈ দিনজোৰা কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰ চলাব বুলি উল্লেখ কৰে প্ৰাৰ্থী অজয় ফুকনে ৷

লগতে পঢ়ক: সৰ্বানন্দ সোণোৱালৰ হৈ যতীন বৰাৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.