মৰাণ, ২৪ মাৰ্চ: ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটিমান সপ্তাহ বাকী । ব'হাগ বিহু বুলি কলেই থাকে বহু পৰম্পৰা বহু ৰীতি (Traditions in Rangali Bihu)। তাৰেই অভিন্ন অংশ মটকসকলৰ চ'তৰ বিহু নমোৱা পৰ্ব । গছৰ তলত মটক জনগোষ্ঠীৰ ডেকা-বয়োজেষ্ঠ সকলে আৰম্ভ কৰিছে চ'তৰ বিহু নমোৱা পৰ্ব ।
সমগ্ৰ ৰাজ্যতে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলি থকাৰ মাজতে চাবুৱাৰ বৰুৱাহোলা গাঁৱত মটক জনগোষ্ঠীৰ লোক সকলৰ মাজত দুৰ্লভ দৃশ্য দেখা পোৱা গ'ল । অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটিক আদৰিবলৈ মটক জনগোষ্ঠীৰ লোকসকলে ঐতিহাসিক নিজা ৰীতি-নীতি পৰম্পৰাৰ মাজেৰে চ'তৰ বিহু নমোৱা পৰ্বটি সমাপন কৰে (Bihu rituals of Matak Community)।
নিশা গছৰ তলত অৰ্থাৎ 'বিহুখোলাত' ডেকা সকলৰ চ'তৰ বিহু নমাই ৰঙালী বিহুক আদৰণি জনায় । ইয়াৰ পিছত গৰু বিহু পৰ্যন্ত বিহুৰ আখৰা হিচাবে 'বালি হুচৰি' কৰে মটক জনগোষ্ঠীৰ ডেকা সকলে ।
বৰ্তমান আধুনিকতাৰ ধামখুমীয়াত এনে দুৰ্লভ দৃশ্য দেখিবলৈ পোৱা নাযায় যদিও মটক অধ্যুষিত অঞ্চল সমূহত আনন্দ উল্লাসৰ মাজত ঐতিহাসিক পৰম্পৰাৰে চ'তৰ বিহু নমোৱা পৰ্ব দেখা যায় । এই পৰম্পৰাৰেই আদৰিছে হেঁপাহৰ ৰঙালীক ।
লগতে পঢ়ক: Woman killed in Guwahati: যৌতুকৰ বাবেই স্বামীয়ে হত্য়া কৰিলে পত্নীক !