ETV Bharat / state

আন্তজাৰ্তিক বিমান বন্দৰ হোৱাৰ দিশে মোহনবাৰী বিমান বন্দৰ - বিমান কতৃপক্ষ

ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰৰ ৰানৱেৰ সম্প্ৰসাৰণ, একত্ৰিকৰণ আৰু পুনৰ-কাৰ্পেটিং প্ৰকল্পৰ অধীনত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ । এই প্ৰকল্পৰ শুকুৰবাৰে ভূমি পূজন অনুষ্ঠানো আনুষ্ঠানিকভাৱে সম্পন্ন কৰা হয় ।

আন্তজাৰ্তিক বিমান বন্দৰ হোৱাৰ দিশে মোহনবাৰী বিমান বন্দৰ

author img

By

Published : Jul 16, 2021, 10:44 PM IST

মৰাণ, ১৬ জুলাই : ৰাজ্যৰ চাৰিওফালে কৰ'ণাৰ (Corona) সংক্ৰমণ অব্যাহত আছে । বিভিন্ন জিলাত এতিয়াও ক'ভিডৰ গণ সংক্ৰমণে (Covid mass infection) ভয়াৱহ ৰূপ ধাৰণ কৰিছে । এনে সময়তে অসম তথা ডিব্ৰুগড়বাসীৰ বাবে এক ভাল খবৰ । ডিব্ৰুগড়স্থিত অসমৰ আন এটা গুৰুত্বপূৰ্ণ বিমানবন্দৰ মোহনবাৰী বিমানবন্দৰে (Mohanbari Airport) অতি শীঘ্ৰে পাব নতুন ৰূপ ।

আন্তজাৰ্তিক বিমান বন্দৰ হোৱাৰ দিশে মোহনবাৰী বিমান বন্দৰ

বিশেষ আঁচনিৰ জৰিয়তে মোহনবাৰী বিমানবন্দৰক দিয়া হ'ব নতুন ৰূপ । ইতিমধ্যে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰৰ ৰানৱেৰ সম্প্ৰসাৰণ, একত্ৰিকৰণ আৰু পুনৰ-কাৰ্পেটিং প্ৰকল্পৰ অধীনত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ । এই প্ৰকল্পৰ শুকুৰবাৰে ভূমি পূজন অনুষ্ঠানো আনুষ্ঠানিকভাৱে সম্পন্ন কৰা হয় ।

ডিব্ৰুগড় জিলা উপায়ুক্ত(Dibrugarh DC) পল্লৱ গোপাল ঝা, আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰা, ভাৰতীয় সেনাৰ কৰ্ণেল অমিত বানোৱাল, ডিব্ৰুগড় বিমান বন্দৰৰ সঞ্চালক ৰামজী আৱস্তিৰ উপস্থিতিত ভূমি পূজন কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । উল্লেখ্য যে এই প্ৰকল্পৰ অধীনত ডিব্ৰুগড় বিমান বন্দৰৰ ৰানৱেৰ দৈৰ্ঘ্য ১৮৩০ মিটাৰ পৰিবৰ্তে ২২৯০ মিটাৰলৈ সম্প্ৰসাৰিত কৰা হ'ব । এই প্ৰকল্পৰ মুঠ ব্যয় হ'ব ৩৫ কোটি টকা ।

ইফালে ৰানৱেৰ সম্প্ৰসাৰণৰ (Runway extension) ফলত বিমানৰ নৈশ অৱতৰণৰ লগতে যিকোনো বৃহৎ বিমানৰ অৱতৰণ সম্ভৱ হৈ উঠিব । ইয়াৰ লগে লগে প্ৰকৃত অৰ্থত আন্তজাৰ্তিক বিমান বন্দৰৰ মৰ্যাদা লাভ কৰিব মোহনবাৰী বিমান বন্দৰে । আনহাতে ২০২২ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত এই ৰানৱে সম্প্ৰসাৰণৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে ।

আনহাতে মোহনবাৰীৰ বিমানবন্দৰৰ ৰানৱে সম্প্ৰসাৰণৰ এই প্ৰকল্পকলৈ যথেষ্ট আনন্দিত জিলা খনৰ উপায়ুক্তগৰাকী । উপায়ুক্তগৰাকীয়ে কোৱা মতে বিগত প্ৰায় ২ বছৰ ধৰি জিলা প্ৰশাসন, ভাৰতীয় সেনা (Indian Army) আৰু বিমান কতৃপক্ষৰ মাজত এই প্ৰকল্পকলৈ বিভিন্ন ধৰণৰ আলোচনা হৈ আছিল আৰু অৱশেষত বিমানবন্দৰৰ ৰানৱে সম্প্ৰসাৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ৰানৱে সম্প্ৰসাৰণ হোৱাৰ লগে লগে দেশ-বিদেশৰ যাত্ৰীসকলৰ বাবেও এক গুৰুত্বপূৰ্ণ বিমানবন্দৰ হিচাপে মোহনবাৰীয়ে স্বীকৃতি লাভ কৰিব বুলিও আশাবাদী উপায়ুক্তগৰাকী ।

লগতে পঢ়ক :UPRF কেডাৰৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.