ডিব্ৰুগড়, 30 জুলাইঃ অসমত বৰ্তমান সময়ত লেখত ল’বলগীয়া ‘হেৰিটেজ বিল্ডিং’ৰ সংখ্যা তেনেই তাকৰ হৈ পৰিছে ৷ সেই তাকৰীয়া সংখ্যাৰ মাজতেই ডিব্ৰুগড় চহৰৰ গ্ৰেহেম বজাৰ অঞ্চলত আছে তেনে এটা ঐতিহাসিক গৃহ ৷ এই গৃহটোতেই 1900 চনত প্ৰতিষ্ঠা কৰা হৈছিল উত্তৰ পূৱৰ প্ৰথমখন চিকিৎসা শিক্ষানুষ্ঠান,যি পাচলৈ পৰ্যবেশিত হৈছিল অসম চিকিৎসা মহাবিদ্যালয় ৰূপে ৷
1947 চনৰ 3 নৱেম্বৰত অসম চিকিৎসা মহাবিদ্যালয় সুকীয়া গৃহত প্ৰতিষ্ঠা লাভ কৰাৰ পাচতেই চিকিৎসা শিক্ষাৰ আদিপাঠ সূচনা হোৱা এই গৃহ অৱহেলিত হৈ পৰি ৰয় ৷ বহু বা বাতৰি,সচেতন ৰাইজৰ প্ৰতিক্ৰিয়াৰ পাছতো চৰকাৰে ৰক্ষণাবেক্ষণ তথা সংৰক্ষণত কোনো গুৰুত্ব নিদিয়াত ই এৰাবাৰীৰ দৰে চহৰৰ মাজ মজিয়াতে যুগ যুগ ধৰি পৰি ৰৈছিল ৷
অৱশেষত বহু বছৰৰ পাচত অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথমটো স্কুল গৃহক পুনৰ নিৰ্মাণৰ লগতে সংৰক্ষণ, ৰক্ষণাবেক্ষণ আৰু শোভা বৰ্ধনৰ বাবে আগবাঢ়ি আহে অইল ইণ্ডিয়া ৷ সেই অনুসৰি ডিব্ৰুগড়ৰ উপযুক্তৰ কাৰ্য্যালয়ত অইল কৰ্তৃপক্ষ, ডিব্ৰুগড় নাগৰিক মঞ্চ, জিলা প্ৰশাসন বিষয়ববীয়াৰ উপস্থিতত অইল ইণ্ডিয়া আৰু Indian National Trust for Art and Cultural Heritage(INTACH) মাজত এই সংক্ৰান্তত এক MoU(বুজাপৰা চুক্তি) স্বাক্ষৰিত হয় ৷ অইলৰ হৈ মানৱ সম্পদ বিভাগৰ কাৰ্যবাহী সঞ্চালক প্ৰাণজিৎ ডেকাই বুজাপৰা চুক্তিখন স্বাক্ষৰ কৰে ৷ অইলৰ এই ক্ষেত্ৰত 2.01 কোটি টকা প্ৰদান কৰে ৷
১৫ মাহৰ ভিতৰত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠাৰ কথা আছিল যদিও পৰৱৰ্তী সময়ত ৰাজ্যৰ অবাঞ্চিত পৰিস্থিতিৰ বাবে দীৰ্ঘদিন ধৰি উন্নয়নমূলক কাম কাজত অভাৱনীয়ভাৱে বাধা আহি পৰে ৷ পূৰ্বৰ MoU চুক্তিৰো ম্যাদ উকলে ৷ লগতে নিৰ্মাণ কাৰ্যৰ নিৰ্ধাৰিত প্ৰক্ৰিয়াতো বিসংগতিৰ বাবে বৰ্তমানলৈ আধৰুৱা গৃহটোৰ পুনৰ নিৰ্মাণ ৷ তথাপি এই বৰ্ষৰ শেষৰ ভাগলৈ এই পুনৰ নিৰ্মাণ সম্পূৰ্ণ কৰি তোলাৰ আশা প্ৰকাশ কৰিছে ডিব্ৰুগড়ৰ বৰ্তমানৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ৷ তেওঁ জনাই যে,শীঘ্ৰেই নতুনকৈ MoU স্বাক্ষৰ কৰা হ’ব ৷ আনহাতে বৰষুণ তথা আন সমস্যা সাম কাটিলেই কাম আৰম্ভ কৰা হ’ব ৷
উল্লেখ্য যোগ্য যে,অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ পিতৃ স্বৰূপ ব্ৰিটিছ প্ৰশাসনিক বিষয়া তথা চিভিল চাৰ্জন ছাৰ জন বেৰী হোৱাইটৰ তত্বাৱধানত ১৯০০ চনত এই গৃহতে চিকিৎসা শিক্ষাৰ বিদ্যালয় স্থাপন কৰি উত্তৰ-পূৱত চিকিৎসা শিক্ষাৰ সূচনা কৰা হৈছিল । নাম ৰখা হৈছিল ডাঃ জন বেৰী হোৱাইট মেডিকেল স্কুল
লক্ষ্যণীয় যে, উত্তৰ পূৱৰ চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত ডাঃ জন বেৰী হোৱাইটৰ অৱদান অনবদ্য ৷ ১৮৫৮ চনত তেতিয়াৰ ২৪ বছৰীয়া ব্ৰিটিছ চাৰ্জন জন বেৰী হোৱাইটে অসমলৈ আহিছিল ইষ্ট ইণ্ডিয়া কোম্পানীত কাম কৰিবলৈ । ৰাজ্যত ২৪ বছৰ ধৰি চিকিৎসা সেৱা আগবঢ়াই অৱশেষত অভিজ্ঞ চিভিল চাৰ্জন হিচাপে তেওঁক উজনি অসমৰ তেতিয়াৰ অবিভক্ত লখিমপুৰ জিলাৰ দ্বায়িত্ব দিয়া হয় । পাছত ১৮৮২ চনত তেওঁৰ অৱসৰৰ সময়ত সমগ্ৰ জীৱনৰ উপাৰ্জিত ৫০ হাজাৰ (বৰ্তমানৰ হিচাপত প্ৰায় দহ কোটি) টকাৰে বৰ্তমান ডিব্ৰুগড় চহৰৰ গ্ৰেহেম বজাৰৰ এই ঠাইত এই মেডিকেল স্কুল প্ৰতিষ্ঠাৰ বাবে থিৰাং কৰে । ১৮৯৬ চনৰ ১৯ নবেম্বৰত তেওঁ লণ্ডনত মৃত্যু হোৱাৰ পাছতেই ১৯০০ চনত ডিব্ৰুগড়ত এই শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল ৷
লগতে পঢ়কঃ 47 বছৰীয়া হ'ল বাস্তৱ জীৱনৰ নায়ক চনু চুড