গোলাঘাট, ১ এপ্ৰিল: ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ে দেশজুৰি ইতিমধ্যে বিশেষ যোগ কাৰ্যসূচী ৰূপায়ণৰ ব্যৱস্থা কৰিছে ৷ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ ১০০ দিন শীৰ্ষক এই বিশেষ কাৰ্যসূচীৰ অংশ হিচাবে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ে ৭ এপ্ৰিলত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এক ৰাষ্ট্ৰীয় যোগ অনুষ্ঠানৰ আয়োজন কৰিছে (Yoga divas at Dibrugarh University) ৷
কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শনিবাৰে দুপৰীয়া ডিব্ৰুগড়ত উপস্থিত হৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ ৭৫ দিনৰ বিশেষ যোগ কাৰ্যসূচীৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে ৷ দুয়োগৰাকী মন্ত্ৰীয়ে প্ৰথমে বিশ্ববিদ্যালয় চৌহদত অহা ৭ এপ্ৰিলৰ ৰাষ্ট্ৰীয় স্তৰৰ যুগ অনুষ্ঠানৰ স্থান পৰিদৰ্শন কৰে ৷
বিশ্ববিদ্যালয়ৰ সভাগৃহত কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ তথা ৰাজ্যিক আয়ুষ সঞ্চালকালয়ৰ বিষয়াবৰ্গ, জিলা উপায়ুক্ত আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে এখন বৈঠকতো মিলিত হয় কেন্দ্ৰীয় আয়ুষ মন্ত্ৰীগৰাকী (Ayush minister Sarbananda Sonowal) ৷ ৭ এপ্ৰিলৰ ৰাষ্ট্ৰীয় স্তৰৰ বিশেষ যোগ কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সোণোৱাল আৰু ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিভাগীয় মন্ত্ৰী, শীৰ্ষ বিষয়াবৰ্গ তথা বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰিব ৷
এই বিশেষ কাৰ্যসূচীৰে সংগতি ৰাখি কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ে ৬ আৰু ৭ এপ্ৰিলত তিনিদিনীয়াকৈ বিশ্ববিদ্যালয় চৌহদতে আয়ুষ তথা পৰম্পৰাগত ভাৰতীয় চিকিৎসা পদ্ধতি আৰু ঔষধ বিষয়ক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰদৰ্শনীৰো আয়োজন কৰিছে ৷ ইয়াৰ লগতে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সভাগৃহতে ৭ এপ্ৰিলত উত্তৰ পূৰ্বাঞ্চলৰ কেওখন ৰাজ্যৰে আয়ুষ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী আৰু শীৰ্ষ বিষয়াসকলৰে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সোণোৱালে এখন বৈঠকতো মিলিত হ’ব (National Yoga day) ৷
ইয়াৰ পূৰ্বে ৬ এপ্ৰিলত একে স্থানতে কেন্দ্ৰীয় আয়ুষ সচিবে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ আয়ুষ বিভাগৰ শীৰ্ষ বিষয়া, ৰাজ্যিক আয়ুষ মিছনৰ সঞ্চালকসকলৰ লগত পূৰ্বোত্তৰত কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ বিষয়ক আঁচনি-প্ৰকল্পৰ কাৰ্য ৰূপায়ণৰ বিষয়েও পৰ্যালোচনা বৈঠকত মিলিত হ’ব ৷
শনিবাৰৰ আলোচনাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জিতেন হাজৰিকা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিত পেগু, আৰক্ষী অধীক্ষক স্বেতাংগ মিশ্ৰ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সচিব পমী বৰুৱা, মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ সঞ্চালক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকেও অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক: Militancy in NE: পূৰ্বোত্তৰৰ উগ্ৰপন্থী সংগঠনক মূলসুঁতিলৈ অহাৰ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ