ETV Bharat / state

SKAC fellowship 2022 : ২০২ শিক্ষাৰ্থীক হেৰম্ব নাথ বড়া উচ্চ শিক্ষা প্ৰতিভা বঁটা - Heramba Nath Bora Higher Education Talent Award

সোণোৱাল কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদে প্ৰদান কৰিলে হেৰম্ব নাথ বড়া উচ্চ শিক্ষা প্ৰতিভা বঁটা (Heramba Nath Bora Higher Education Talent Award)। ২০২ গৰাকী কৃতী শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় এই বঁটা । প্ৰতিগৰাকী শিক্ষাৰ্থীক এককালীন আৰ্থিক সাহায্য হিচাপে ২০ হাজাৰ টকাকৈ প্ৰদান কৰা হয় ।

SKAC fellowship 2022
২০২ শিক্ষাৰ্থীক হেৰম্ব নাথ বড়া উচ্চ শিক্ষা প্ৰতিভা বঁটা
author img

By

Published : Oct 15, 2022, 5:46 PM IST

মৰাণ,১৫ অক্টোবৰ : সোণোৱাল কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদে প্ৰতিবছৰে প্ৰদান কৰি আহিছে হেৰম্ব নাথ বড়া উচ্চ শিক্ষা প্ৰতিভা বঁটা (Award distribution of SKAC)। ২০১৪ চনৰ পৰা পৰিষদৰ শিক্ষা বিভাগৰ উদ্যোগত এই আঁচনিৰ অধীনত সোণোৱাল জনগোষ্ঠীৰ কৃতী শিক্ষাৰ্থীসকললৈ এই বঁটাৰ জৰিয়তে জলপানি প্ৰদান কৰি আহিছে সোণোৱাল কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদে (SKAC fellowship)। এইবছৰো সোণোৱাল কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদে প্ৰদান কৰিছে এই বঁটা ।

২০২ শিক্ষাৰ্থীক হেৰম্ব নাথ বড়া উচ্চ শিক্ষা প্ৰতিভা বঁটা

শনিবাৰে ডিব্ৰুগড়ৰ সোণোৱাল কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যালয়ত এই বঁটা প্ৰদান কৰা হয় । ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ উপস্থিতিত ২০২ গৰাকী কৃতী শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় হেৰম্ব নাথ বড়া উচ্চ শিক্ষা প্ৰতিভা বঁটা (Fellowship to 202 student in Dibrugarh)। প্ৰতিগৰাকী শিক্ষাৰ্থীক এককালীন আৰ্থিক সাহায্য হিচাপে ২০ হাজাৰ টকাকৈ প্ৰদান কৰা হয় ।

উচ্চ শিক্ষা বা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ উৎসাহ জনোৱাৰ উদ্দেশ্যে পৰিষদে এই বঁটা প্ৰদান কৰে বুলি বিষয়ববীয়াসকলে প্ৰকাশ কৰে । লগতে সোণোৱাল কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদে এই বৰ্ষৰ পৰা প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ সোণোৱাল কছাৰী স্বায়ত্ত্ব পৰিষদৰ ছাত্ৰ-ছাত্ৰীসকলক বিশেষ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে বুলিও জানিবলৈ দিয়ে সোণোৱাল কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালে (SKAC to organized free couching)।

উল্লেখ্য যে, অনুষ্ঠানত সোণোৱাল কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালৰ লগতে শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য খনীন্দ্ৰ সোণোৱাল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শৈক্ষিক যুটীয়া পঞ্জীয়ক ড০ বিনোদ বড়া আদিকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানত উপস্থিত থাকে । অনুষ্ঠানত শিক্ষাৰ্থী আৰু স্থানীয় লোকসকলো উপস্থিত থাকে । শিক্ষাৰ্থী লগতে ৰাইজে সোণোৱাল কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ এই পদক্ষেপক আদৰণি জনায় । ভৱিষ্যতে পৰিষদে শিক্ষাৰ্থীৰ উন্নয়নৰ লগতে বিভিন্ন দিশত ৰাইজক সহায় সহযোগ কৰি যাব বুলি আশাবাদী জনসাধাৰণ ।

লগতে পঢ়ক :টীয়কত ২২১ জন ৰোগীৰ মাজত চেক বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.