ETV Bharat / state

বিপদ ঘণ্টা বাজিছে ৰাজ্যৰ পাট কাপোৰৰ উদ্যোগতঃলোকচান লক্ষাধিক টকা

ৰাজ্যৰ ভিন্ন ক্ষেত্ৰৰ লগতে পাট কাপোৰৰ উদ্যোগৰ ক্ষেত্ৰটো বাজিছে বিপদ ঘণ্টা ৷ দুমাহতকৈও অধিক দিনৰ লক ডাউনেই নহয়, লক ডাউনৰ আংশিক শিথিলতাৰ পাছতো পাট কাপোৰৰ ব্যৱসায়ীসকল আৰ্থিক দিশত কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে ৷

author img

By

Published : May 29, 2020, 2:50 PM IST

Assam silk industry in danger
বাজিছে বিপদ ঘণ্টা বাজিছে পাট কাপোৰৰ উদ্যোগত

ডিব্ৰুগড়,29মে': লক ডাউনৰ ফলত প্ৰায়ভাগ উদ্যোগৰ অৱস্থা এতিয়া অতিকে শোচনীয় ৷ যথেষ্ট লোকচানৰ সন্মুখীন হ'বলগা হৈছে উদ্যোগসমূহ ৷ ৰাজ্যৰ ভিন্ন ক্ষেত্ৰৰ লগতে পাট কাপোৰৰ উদ্যোগৰ ক্ষেত্ৰটো বাজিছে বিপদ ঘণ্টা ৷ দুমাহতকৈও অধিক দিনৰ লক ডাউনেই নহয়, লক ডাউনৰ আংশিক শিথিলতাৰ পাছতো পাট কাপোৰৰ ব্যৱসায়ীসকল আৰ্থিক দিশত কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ কাৰণ ৰাজ্যত ব'হাগৰ বতৰত পাট কাপোৰৰ চাহিদা সৰ্বাধিক হয় যদিও এইবাৰ ব'হাগত লক ডাউনৰ বাবে বন্ধ হৈ আছিল ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ৷যাৰ বাবে লক্ষাধিক টকাৰ লোকচান হৈছে ব্যৱসায়ত ৷ উল্লেখযোগ্য যে, বছৰৰ 70% উপাৰ্জনৰ সময় থাকে ব'হাগৰ বতৰত ৷

এই সন্দৰ্ভত ডিব্ৰুগড়ৰ চিল্কালয়ৰ স্বত্বাধিকাৰী অৰুণ জৈনে জানিবলৈ দিয়া মতে,লক ডাউনৰ ফলত আৰ্থিক সংকটৰ সন্মুখীন হ'ব লগা হৈছে ব্যৱসায়ীসকল ৷ এই দুমাহতে বছৰটোৰ সমগ্ৰ ব্যৱসায়েই শেষ হৈ গৈছে ৷ ইয়াৰ উপৰিও পাট কাপোৰৰ উৎপাদনস্থলী শুৱালকুছিৰ অধিকাংশ তাঁত শাল বন্ধ হৈ পৰি থকাৰ কথাও জানিবলৈ দিয়ে অৰুণ জৈনে ৷

কি হ'ব, কেনেকৈ এই উদ্যোগ আগবাঢ়িব, কেনেকৈ ব্যৱসায়িক- প্ৰতিষ্ঠানসমূহ চলিব তাৰ কোনো সঠিক সময় ক'ব নোৱাৰাৰ দৰে অৱস্থা বৰ্তমান অসমত।ইয়াৰ ফলত ব্যৱসায়ীসকলৰ জীৱিকাৰ পথটোও এতিয়া একপ্ৰকাৰ অনিশ্চয়তাত ৷

লগতে পঢ়কঃ"আপদা সেৱা সদেৱ": ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ এক চমু অৱলোকন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.