ETV Bharat / state

ইতিহাস ৰচি খেল’ ইণ্ডিয়া পেৰা গেমছত স্বৰ্ণ জয় অসম সন্তান অনিস্মিতাৰ - Anishmita Konwar wins gold

ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল অসমৰ সন্তান অনিস্মিতা কোঁৱৰ (Anishmita Konwar) ৷ খেল’ ইণ্ডিয়া পেৰা গেমছত (Khelo India Para Games) সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হিচাপে পৰিগণিত অনিস্মিতা ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta Biswa Sarma) সামাজিক মাধ্যমৰ জৰিয়তে খেলুৱৈগৰাকীৰ অভিনন্দ জ্ঞাপন কৰে ৷

Anishmita Konwar wins gold in Khelo India Para Games
ইতিহাস ৰচি খেল’ ইণ্ডিয়া পেৰা গেমছত স্বৰ্ণ জয় অসম সন্তান অনিস্মিতাৰ
author img

By ANI

Published : Dec 16, 2023, 9:59 AM IST

স্পৰ্টছ ডেস্ক, 16 ডিচেম্বৰ : ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজ্বলিল অসমৰ সন্তান অনিস্মিতা কোঁৱৰ ৷ নতুন দিল্লীত অনুষ্ঠিত খেল’ ইণ্ডিয়া পেৰা গেমছ 2023ত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ খেলুৱৈগৰাকীয়ে ৷ ইয়াৰ লগে লগে খেল’ ইণ্ডিয়া পেৰা গেমছত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হিচাপে পৰিগণিত হ’ল অনিস্মিতা কোঁৱৰ ৷ উক্ত প্ৰতিযোগিতাৰ টি-37 শাখাৰ লং জাম্পত সোণ পদক লাভ কৰিবলৈ সক্ষম হৈছে অনিস্মিতাই ৷

আনহাতে অনিস্মিতাৰ সফলতাত উৎফুল্লিত ৰাজ্যবাসী ৷ ডিব্ৰুগড়ৰ এটা দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰা অনিস্মিতাৰ সফলতাক সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে খেলুৱৈগৰাকীক অভিনন্দন জ্ঞাপন কৰে ৷

  • Assam's girls are making us proud with their stupendous performance at the #KheloIndiaParaGames.

    Anishmita Konwar has bagged a Gold at the Long Jump event while Chiranjita Bharali has clinched a silver at the Para badminton event.

    Congratulations to both of them 👏 pic.twitter.com/vdROE82sPL

    — Himanta Biswa Sarma (@himantabiswa) December 13, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, 14 বছৰীয়া অনিস্মিতা কোঁৱৰে 2021 চনত প্ৰথমবাৰৰ বাবে ট্ৰে’কত নামিছিল আৰু একে বছৰতে বেংগালুৰুত অনুষ্ঠিত পেৰা নেশ্যনেল গেমছত 200 মিটাৰ দৌৰত স্বৰ্ণ আৰু 100 মিটাৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰিছিল । 2023 চনত পুনেত অনুষ্ঠিত নেশ্যনেল লং জাম্পতো সোণৰ পদক লাভ কৰিছিল অনিস্মিতাই ৷

অসমীবাসীক গৌৰাৱান্বিত কৰা খেলুৱৈ অনিস্মিতা কোঁৱৰে কয়, ‘‘মই প্ৰথমবাৰৰ বাবে খেল’ ইণ্ডিয়া পেৰা গেমছত অংশগ্ৰহণ কৰিছো ৷ ইয়াৰ পূৰ্বেও মই 2023 চনত পুনেত অনুষ্ঠিত নেশ্যনেল লং জাম্পত সোণৰ পদক লাভ কৰিছিলো ৷ মোৰ সপোন হৈছে দেশৰ হৈ খেলা ৷ মই আমাৰ অসমৰ দৌৰবিদ হিমা দাসৰ দৰে হ'ব বিচাৰো ৷’’

ইফালে, গোৱাত অনুষ্ঠিত হ'বলগীয়া পেৰা নেশ্যনেল গেমছৰ বাবেও সাজু হৈছে অনিস্মিতা ৷ উক্ত গেমছৰ 100, 200, 400 মিটাৰ দৌৰৰ লগতে লং জাম্পতো অংশগ্ৰহণ কৰি খেলুৱৈগৰাকীয়ে ৷

লগতে পঢ়ক : ইতিহাস হৈ পৰিল ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ জাৰ্চি নং ৭

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.