ETV Bharat / state

শীঘ্ৰেই মুকলি হ'ব ৰাজ্যৰ প্ৰথমটো চি এন জি ষ্টেচন - ডিব্ৰুগড়

পেট্ৰল-ডিজেলতকৈ কম দামত ৰাইজে লাভ কৰিব ইন্ধন। অসম গেছ কোম্পানী লিমিটেডৰ এই বিশেষ পদক্ষেপ।

শীঘ্ৰেই মুকলি হ'ব ৰাজ্যৰ প্ৰথমটো চি এন জি ষ্টেচন
author img

By

Published : Mar 6, 2019, 1:29 PM IST

ডিব্ৰুগড়,৬মাৰ্চঃ ডিব্ৰুগড়ত স্থাপন হ'ব অসমৰ প্ৰথমটো চি এন জি ষ্টেচন । পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধি , প্ৰদূষণ আৰু দ্ৰুত গতিত বৃদ্ধি পোৱা যান-বাহনৰ অভাৱনীয় সমস্যাক সকাহ দিবলৈ অসম গেছ কোম্পানী লিমিটেডে গ্ৰহন কৰিছে এই পদক্ষেপ ।

শীঘ্ৰেই মুকলি হ'ব ৰাজ্যৰ প্ৰথমটো চি এন জি ষ্টেচন
ডিব্ৰুগড়ৰ চৌকিদিঙি চাৰিআলিৰ সমীপত নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠা তৰলীকৃত প্ৰাকৃতিক গেছ অৰ্থাৎ চি এন জি ষ্টেচনটো মাৰ্চ মাহৰ ভিতৰতেই গ্ৰাহকৰ বাবে মুকলি কৰাৰ সম্ভাৱনা আছে ।উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চলৰ আগৰতলাৰ পাছত দ্বিতীয়খন ৰাজ্য হিচাপে অসমত মুকলি হ'ব এই বিশেষ সেৱা । প্ৰদূষণৰ পৰা সকাহ দিয়াৰ লগতে ইয়াৰ যোগেদি গ্ৰাহকে তৈলজাত ইন্ধনৰ তুলনাত প্ৰায় আধা মূল্যত লাভ কৰিব এই গেছ । তুলনামূলকভাৱে বেছি হ'ব এই ইন্ধনৰ মাইলেজৰ হাৰো ।

লক্ষণীয়ভাৱে ডিব্ৰুগড় চহৰত ইতিমধ্যে দেখা গৈছে চি এন জি চালিত বাহনৰ ব্যৱস্থা । অসম গেছ কোম্পানী লিমিটেডৰ সূত্ৰমতে অচিৰেই তিনিচুকীয়াৰ লগতে অসমৰ বিভিন্ন ঠাইলৈও সম্প্ৰসাৰণ হ'ব এই চি এন জি ষ্টেচন সেৱা।

A_dib_6MRCH_801_CNG_JESIM

VISUAL ON MOJO

:অচিৰেই ডিব্ৰুগড়ত মুকলি হ'ব 
অসমৰ প্ৰথমটো CNG Station.
প্ৰেট্ৰল ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধি, অপ্ৰতিৰোদ্ধ প্ৰদূষণ আৰু দ্ৰুত গতিত বৃদ্ধি পোৱা যান বাহনৰ অভাবনীয় সমস্যাক সকাহ দিবলৈ অসম গেছ কোম্পানী লিমিটেডৰ এই লক্ষ্যণীয় পদক্ষেপ।

ডিব্ৰুগড়ৰ চৌকিদিঙ্গি চাৰিআলিৰ সমিপত নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠা station টো মাৰ্চ মাহৰ ভিতৰতেই গ্ৰাহকৰ বাবে মুকলি কৰাৰ সম্ভাৱনা আছে।
প্ৰদূষণৰ সকাহৰ লগতে ইয়াৰ যোগেদি 
গ্ৰাহকে ইঞ্জিন চালিত তৈলজাত ইন্ধনৰ তুলনাত এই compressed natural gas (CNG) লাভ কৰিব প্ৰায় আধা মূল্যত, ইফালে এই ইন্ধনৰ মাইলেজৰ হাৰো হ'ব তুলনামূলক ভাবে বেছি। 

উত্তৰ পূৰ্বাঞ্চলৰ আগৰতলাৰ পাছত দ্বিতীয়খন ৰাজ্য হিচাপে অসমত মুকলি হ'ব এই সেৱা।
ইয়াৰ লগে লগে চি এন জি চালিত বাহনৰো ব্যৱস্থা ইতিমধ্যে ডিব্ৰুগড়ত দেখা গৈছে।বিভাগৰ মতে তিনিচুকীয়াৰ লগতে অসমৰ বিভিন্ন ঠাইলৈ সম্প্ৰসাৰণ কৰা হ'ব এই সেৱা সোনকালেই।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ 
 Etv Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.