ETV Bharat / state

সেনাই ঘৰৰ পৰা উঠাই নিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰক - বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ

লক ডাউনৰ মাজতে ডিব্ৰুগড়ত সেনাৰ অভিযান । কি কাৰনত ছাত্ৰ জনক লৈ গ'ল জানিব পৰা হোৱা নাই ।

সেনাই ঘৰৰ পৰা উঠাই নিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰক

author img

By

Published : May 6, 2020, 10:45 AM IST

Updated : May 6, 2020, 6:50 PM IST

ডিব্ৰুগড়, 6 মে'ঃ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ কুঁৱৰী গাঁওত সেনাই অভিযান চলাই ঘৰৰ পৰা উঠাই নিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰক । মঙলবাৰে নিশা টিংখাং কুৱৰীগাৱৰ বুদ্ধেশ্বৰ গগৈ আৰু জুনু গগৈৰ জ্যেষ্ঠ পুত্ৰ সত্যব্ৰত বুঢ়াগোহাঁই (২২) ক অসামৰিক পোচাকত অহা এদল অস্ত্ৰধাৰী লোকে উঠাই নিয়ে। পৰিয়ালৰ লোকে ল'ৰাজনক কি কাৰণে ক'লৈ নিয়া হ'ব বুলি প্ৰশ্ন উত্থাপন কৰে যদিও কোনো কথা অৱগত নকৰাকৈ এখন বলেৰ' গাড়ীত উঠাই লৈ যায়। ঘটনাৰ পাচতে পৰিয়ালটোৰ মাজত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। অতি অমায়িক স্বভাৱৰ সত্যব্ৰত বুঢ়াগোহাঁই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত centre for management studies ৰ trsvel & tourism বিভাগৰ চূড়ান্ত ষান্মাসিকত অধ্যয়ন কৰি আছে ।

সেনাই ঘৰৰ পৰা উঠাই নিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰক

উল্লেখযোগ্য যে, সত্যব্ৰতৰ পিতৃ বুদ্ধেশ্বৰ গগৈ সংযুক্ত মুক্তি বাহিনী অসম (আলফা) ৰ লগত প্ৰতিষ্ঠা কালৰে পৰা জড়িত আছিল । বৰ্তমান হৃদযন্ত্ৰৰ জটিল ৰোগত আক্রান্ত গগৈৰ বুকুত প্ৰেচমেকাৰ সংযুক্ত কৰা আছে । সেয়ে অসহায় পৰিয়ালটোৱে সত্যব্ৰতক অতি শীঘ্ৰে মুক্তি দিবৰ বাবে আৰক্ষী তথা সামৰিক বাহিনীৰ প্ৰতি কাতৰ অনুৰোধ জনাইছে ।

Last Updated : May 6, 2020, 6:50 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.