মৰাণ, 10 এপ্ৰিল: নাহৰৰ সান্নিধ্যত ব’হাগে হাত বাউল দি মাতে, অসমীয়াৰ পদূলিমুখত হেপাঁহৰ ৰঙালী বিহুটি ৷ বিহু মানেই যেন ঢোল পেঁপা-গগণাৰ ৰজনজনাই যোৱা মাত ৷ বিহুৰ প্ৰাকক্ষনত চৰ্চালৈ আহিছে এজন প্ৰতিভাৱন যুৱক । যুৱকজনৰ জীৱনগাঁথা সংপৃক্ত হৈ পৰিছে অসমীয়াৰ চিৰ পৰিচিত এই ঢোল, পেঁপা, গগনাৰ সৈতে ৷
মহৰ শিঙৰ পেঁপাত বিহুগীতৰ লহৰ উঠোৱা যুৱকজন হৈছে ডিব্ৰুগড় নাহৰকটীয়াৰ ৰঞ্জু গজেন শইকীয়া ৷ নাহৰকটীয়াৰ ৰঞ্জু গজেন কেৱল বিহুৰ সৈতে জড়িত বাদ্যবোৰৰ নিপুণ শিল্পীয়েই নহয়, তেওঁ এই বাদ্যবোৰ নিজাকৈ সাজি উলিয়াইছে ৷

চুবুৰীয়া লোকশিল্পী প্ৰিয়নাথ নাহৰডেকাৰ সংস্পৰ্শলৈ আহি পেঁপা, গগণা, সুতুলি, টকা, বাঁহী, কৰতাল, ৰামতাল, টোকাৰী, দোতোৰা, বীণ আদি থলুৱা বাদ্যযন্ত্ৰ সমূহ নিৰ্মাণ কৰিবলৈ শিকা ৰঞ্জু গজেনে এনে বাদ্যযন্ত্ৰৰ প্ৰস্তুতেৰে বাৰ্ষিক লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষমো হৈছে । এক কথাত নিজৰ আগ্ৰহ আৰু হেপাঁহৰ মাজতেই ৰঞ্জুৱে গঢ় দি লৈছে জীৱিকাৰ ৷ বিহুক সাৰথি কৰি থলুৱা কৃষ্টিক প্ৰবাহমান কৰি ৰখা এইগৰাকী ৰঞ্জু গজেন শইকীয়াক লৈ প্ৰতিজন অসমীয়াই গৌৰব কৰিব পৰা স্থল আছে ।
লগতে পঢ়ক:নাহৰকটীয়াত ব্যাপক ৰূপত চলিছে বিহুৰ আখৰা