টিংখাং, 11 জুলাই : এতিয়া আহাৰ মাহ । পথাৰত কৃষকৰ অন্তহীন ব্যস্ততা । পথাৰত হালোৱা- ৰোৱনীয়ে ভীৰ কৰিছে বোকা-মাটি চহাবলৈ ৷ এইহেন খেতিৰ বতৰতে টিংখাঙৰ ১ নং পানীবুৰা গাঁৱত এখন টেক্টৰক লৈ চলিছে বিশেষ চৰ্চা ।
টেক্টৰখন য'তেই চলিছে তাতেই ভীৰ বাঢ়িছে ৰাইজৰ । এই বিশেষ টেক্টৰখন চাবলৈ ৰাইজৰ বাঢ়িছে উৎকণ্ঠা ৷ কিন্তু কিয় ভীৰ কৰিছে গাঁৱবাসীয়ে ?
কিয়নো টিংখাঙৰ ১ নং পানীবুৰা গাঁৱৰ বিমল গগৈ নামৰ এজন যুৱকে সাজি উলিয়ালে এই টেক্টৰখন । অনুসন্ধিৎসু মনৰ যুৱক বিমল গগৈয়ে পুৰণি বাজাজ চুপাৰৰ ইঞ্জিন, স্কুটাৰৰ হেণ্ডেল, ক্লাচ-একচেলেটৰ, পালচাৰ বাইকৰ চেইন ব্যৱহাৰ কৰি সাজি উলিয়াইছে এই বিশেষ টেক্টৰখন ৷ প্ৰায় ১২ হাজাৰ টকা খৰচ কৰি নিৰ্মাণ কৰা হৈছে এই বিশেষ টেক্টৰখন ৷
এই টেক্টৰখন লৈ বিমল এইবাৰ নামিছে খেতি পথাৰত । স্কুটাৰ ইঞ্জিন চালিত এই টেক্টৰখনে ডেৰ লিটাৰ তেলত প্ৰায় এক বিঘা মাটি চহাব পাৰে । যাৰ সহায়ত দিনটোত ২-৩ বিঘা মাটি সহজতে চহাব পাৰি ৷
এই বিশেষ টেক্টৰখনত মাটি চহাবলৈ গৰুৰ হালৰ ফালখন ব্যৱহাৰ কৰা হৈছে । বিমলৰ এই উদ্ভাৱনী কাৰ্যত স্থানীয় সকলো আনন্দত হৈ পৰিছে ৷ উল্লেখ্য যে, এটা সময় আছিল, যেতিয়া এখন চৰকাৰী সাহায্যযুক্ত এখন টেক্টৰ পাবলৈ এহাল গৰু বিক্ৰী কৰি ধন যোগাৰ কৰিছিল বিমল গগৈয়ে ।
কিন্তু দালালৰ চক্ৰত পৰি তেওঁৰ সেই ধনো গ'ল, টেক্টৰো নাহিল । পাচে এখন টেক্টৰ লোৱাৰ হেঁপাহ মনৰ পৰা মচিব নোৱাৰিলে কৃষক পৰিয়ালৰ ল'ৰাজনে ৷ সেই হেঁপাহ পূৰণৰ বাবে যুৱকজনে সাজি উলিয়ালে এই অসাধাৰণ টেক্টৰখন ৷ বিশেষভাৱে নিৰ্মিত এই টেক্টৰখনক লৈ আনন্দিত এতিয়া বিমল ৷
লগতে পঢ়ক: চাম'লীৰ পুষ্প উপত্যকা দেখিছেনে ?