ETV Bharat / state

Weaving in school:টিংখাঙৰ এখন প্ৰাথমিক বিদ্যালয়ত মাঁকোৰ শব্দ

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 2:49 PM IST

টিংখাঙৰ এখন প্ৰাথমিক বিদ্যালয়ত এজাক শিপিনী প্ৰতিদিনে ব্যস্ত হৈছে তাঁতশালত । উদালবাম প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সকল পাঠদানত ব্যস্ত থকা সময়ত অভিভাৱক সকল ব্যস্ত হৈছে তাঁতশালত ।

Udalbam Primary School
উদালবাম প্ৰাথমিক বিদ্যালয়
উদালবাম প্ৰাথমিক বিদ্যালয়

মৰাণ, ১১ অক্টোবৰ: বৰ্তমানৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষা বিভাগে ৰূপায়ণ কৰা নতুন ব্যৱস্থাপনাক লৈ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকা সময়ত ব্যতিক্ৰমী চিন্তা আৰু কৰ্মৰে জিলিকি উঠিছে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়। কিয়নো চৰকাৰী প্ৰাথমিক বিদ্যালয়খনত প্ৰতিদিনে ব্যস্ত হৈছে এজাক শিপিনী । কোনোৱে যদি যঁতৰত সূঁতা কাটিছে কোনো আকৌ ব্যস্ত হৈছে তাঁতৰ শালত । খিটিক-খিটিককৈ বৈ উলিয়াইছে অসমীয়াৰ স্বাভিমান গামোচাখন।

এই বিদ্যালয়খনত শিক্ষক সকলে এফালে চলাই পাঠদান আৰু আনফালে অভিভাৱক সকলে চলাই বয়ন শিল্পৰ কচৰৎ। এইখন টিংখাঙৰ জয়পুৰ শিক্ষা খণ্ডৰ অধীনৰ উদালবাম প্ৰাথমিক বিদ্যালয় । বিদ্যালয়খনত ৭৬ গৰাকী ছাত্ৰ-ছাত্ৰীক দুগৰাকী শিক্ষকে জীৱনৰ আদিপাঠ প্ৰদান কৰাৰ লগতে অভিভাৱক সকলৰ বাবেও গ্ৰহণ কৰিছে এক বিশেষ ব্যৱস্থা । বিদ্যালয়ৰ কাষতে লাগি থকা অংগনৱাড়ী কেন্দ্ৰৰ লগতে উদালবাম প্ৰাথমিক বিদ্যালয়লৈ সন্তানক লৈ অহা মাতৃ সকলৰ বিদ্যালয় ছুটী হোৱালৈকে এই সময়খিনিৰ সদ্ব্যৱহাৰ হোৱাৰ লগতে উপাৰ্জনমুখী কৰি তোলাৰ উদ্দেশ্যে এনে এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে বিদ্যালয়ৰ প্ৰধান শিক্ষক অভিজিত বড়া তথা বিদ্যালয় কৰ্তৃপক্ষই ।

বৰ্তমানলৈকে বিদ্যালয়ৰ কাষতে এখন চালি দি দুখনকৈ তাঁতশালৰ ব্যৱস্থা কৰা হৈছে। য'ত বিদ্যালয়খনৰ অভিভাৱক,মাতৃ গোটৰ সদস্যা তথা স্থানীয় একাংশ মহিলা বয়ন শিল্পৰ সৈতে জড়িত হৈ পৰিছে । উল্লেখযোগ্য যে উদালবাম প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ সৈতে সংগতি ৰাখি বিদ্যালয় কৰ্তৃপক্ষই আৰম্ভ কৰা এই পদক্ষেপক স্থায়ী আৰু বহল ৰূপত আগবঢ়াই নিয়াৰ পৰিকল্পনাৰ কথা সদৰী কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে ।

ইফালে, বয়ন শিল্পৰ সৈতে জড়িত হ'বলৈ পাই যথেষ্ট আনন্দিত আৰু উৎসাহিত শিপিনী সকল । বিদ্যালয় কৰ্তৃপক্ষৰ এই প্ৰয়াসক একেমুখে শলাগ লৈছে স্থানীয় ৰাইজে । এই প্ৰচেষ্টাৰ দ্বাৰা মহিলা সকলৰ আত্মসংস্থাপনৰ পথ প্ৰশস্ত হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক বয়ন শিল্পৰ প্ৰতি আগ্ৰহী কৰি তুলিব বুলি মত প্ৰকাশ কৰিছে স্থানীয় সচেতন মহলে ।

লগতে পঢ়ক:Students arrested for fishing : বৰশীয়ে বিপদ হ’ল তেজপুৰৰ তিনি স্কুলীয়া ছাত্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.