ETV Bharat / state

দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰতিবাদ - হাতে হাতে মম লৈ ৰাজপথত মৌন সমদল

ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডা: দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদত চিকিৎসালয়খনত প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসকসকলে ৷ চিকিৎসকৰ সুৰক্ষাৰ প্ৰতিবাদত হাতে হাতে মম লৈ ৰাজপথত মৌন সমদল উলিয়াই প্ৰতিবাদী চিকিৎসকসকলে ৷ যোৰহাটৰ বিশিষ্ঠ চিকিৎসক তথা অসম মেডিকেল কলেজৰ প্ৰাক্তন ছাত্ৰ ডা: দেবেন দত্তক টীয়ক চাহ বাগিছাৰ একাংশ উদণ্ড শ্ৰমিকে শনিবাৰে বাগানাৰ চৌহদতে খেদি খেদি মৰিয়াই হত্যা কৰাৰ প্ৰতিবাদত দেওবাৰে নিশা এনেদৰে অসম মেডিকেল কলেজ চৌহদত মৌন সমদলৰ আয়োজন কৰা হয় ৷

দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰতিবাদ
author img

By

Published : Sep 2, 2019, 6:07 PM IST

ডিব্ৰুগড়, 2 ছেপ্তেম্বৰ : ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডা: দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদত চিকিৎসালয়খনত প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসকসকলে ৷ চিকিৎসকৰ সুৰক্ষাৰ প্ৰতিবাদত হাতে হাতে মম লৈ ৰাজপথত মৌন সমদল উলিয়াই প্ৰতিবাদী চিকিৎসকসকলে ৷ যোৰহাটৰ বিশিষ্ঠ চিকিৎসক তথা অসম মেডিকেল কলেজৰ প্ৰাক্তন ছাত্ৰ ডা: দেবেন দত্তক টীয়ক চাহ বাগিছাৰ একাংশ উদণ্ড শ্ৰমিকে শনিবাৰে বাগানাৰ চৌহদতে খেদি খেদি মৰিয়াই হত্যা কৰাৰ প্ৰতিবাদত দেওবাৰে নিশা এনেদৰে অসম মেডিকেল কলেজ চৌহদত মৌন সমদলৰ আয়োজন কৰা হয় ৷ মেডিকেল কলেজৰ কনিষ্ঠ চিকিৎসক সন্থাৰ লগতে অন্যান্য চিকিৎসকসকলেও এই বৰ্বৰ হত্যাকাণ্ডৰ তীব্ৰ গৰিহনা দিয়াৰ লগতে দোষীক যথোপযুক্ত শাস্তি বিহিবলৈ দাবী জনায় ।

দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰতিবাদ

কনিষ্ঠ চিকিৎসক সন্থাৰ বিষয়ববীয়াই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে - এগৰাকী পিতৃতুল্য ব্যক্তি, যি গৰাকীয়ে অৱসৰৰ পিছতো চাহ শ্ৰমিকসকলক সেৱা কৰাৰ মানসেৰে চিকিৎসা সেৱা আগবঢ়াই আহিছিল, তেনে এগৰাকী সত্তৰোৰ্ধৰ ব্যক্তিক অকাৰনতে অতি বৰ্বৰভাবে হত্যা কৰা হ'ল । তেখতৰ এনে অকাল মৃত্যুত গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক শীঘ্ৰে এক কঠোৰ আইন প্ৰনয়ন কৰাৰ দাবী জনাই প্ৰতিবাদকাৰীয়ে ।

Intro:Slug:-Dib AMCH Doctor Protest.
চিকিৎসক ডা: দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত।ম'ম লৈ মৌন সমদল।চিকিৎসকক সুৰক্ষাৰ স্বাৰ্থত কঠোৰ আইন প্ৰণয়নৰ দাবী।হাতে হাতে মম লৈ ৰাজপথত চিকিৎসক।

যোৰহাটৰ বিশিষ্ঠ চিকিৎসক তথা অসম মেডিকেল কলেজৰ প্ৰাক্তন ছাত্ৰ ডা: দেবেন দত্তক টীয়ক চাহ বাগিছাৰ একাংশ উদণ্ড শ্ৰমিকে কালি বাগানাৰ চৌহদতে খেদি খেদি মৰিয়াই,মৰিয়াই হত্যা কৰাৰ প্ৰতিবাদকল্পে দেওবাৰে নিশা অসম মেডিকেল কলেজ চৌহদত এক মৌন সমদল বাহিৰ কৰা হয়।মেডিকেল কলেজৰ কনিষ্ঠ চিকিৎসক সন্থাৰ লগতে অনান্য চিকিৎসক সকলেও এই বৰ্বৰ হত্যাকাণ্ডৰ তীব্ৰ গৰিহনা দিয়াৰ লগতে দোষী ব্যক্তিক যথোপযুক্ত শাস্তি বিহিবলৈ দাবী জনায়।কনিষ্ঠ চিকিৎসক সন্থাৰ বিষয়ববীয়াই সংবাদ মাধ্যমৰ আগত কয় যে - এগৰাকী পিতৃতুল্য ব্যক্তি,যি গৰাকী ব্যক্তিয়ে অৱসৰৰ পিছতো চাহ শ্ৰমিকসকলক সেৱা কৰাৰ মানসেৰে চিকিৎসা সেৱা আগবঢ়াই আহিছিল,তেনে এগৰাকী ৭০ উৰ্ধৰ ব্যক্তিক অকাৰনতে অতি বৰ্বৰভাবে হত্যা কৰিলে।তেখতৰ এনে অকাল মৃত্যুত গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰক শ্ৰীঘে এক কঠোৰ আইন প্ৰনয়ন কৰাৰ দাবী জনায়।নহলে এনে ঘটনা পুনৰাবৃত্তি যে নহব তাত কোনো সন্দেহ নাই বুলিও সদৰি কৰে।কলকতাৰ চিকিৎসালয়ত চিকিৎসকক হত্যা,ডিব্ৰুগড়ৰ ডিকমত চিকিৎসকক প্ৰহাৰৰ লগতে দেশ বা ৰাজ্যৰ ভিন্ন প্ৰান্তত এনে ঘটনা নিতৌ ঘটিব লাগিছে কেবল চৰকাৰ কঠোৰ নোহোৱাৰ বাবে।সকলোৱে এগৰাকী পিতৃ তুল্য ব্যক্তি তথা অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন চিকিৎসক ছাত্ৰ জনৰ মৃত্যুত সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৰকাৰক এক আইন প্ৰনয়ন কৰি দোষী ব্যক্তিক কঠোৰতম শাস্তি বিহিবলৈকো দাবী জনায়।
Byte:-কণিষ্ঠ চিকিৎসক।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.