ETV Bharat / state

ডাঃ অজন্তা হাজৰিকাৰ বিৰুদ্ধে নিৰপেক্ষ তদন্ত দাবী AMCHৰ চিকিৎসক মণ্ডলীৰ - অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ অজন্তা হাজৰিকা

অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ অজন্তা হাজৰিকাক লৈ প্রতিক্ৰিয়া প্ৰকাশ কৰিছে AMCHৰ চিকিৎসক মণ্ডলীয়ে ৷ উত্থাপিত অভিযোগৰ ভিত্তিত ডাঃ অজন্তা হাজৰিকা বিৰুদ্ধে নিৰপেক্ষ তদন্ত দাবী তুলে চিকিৎস মণ্ডলীয়ে ৷

AMCH Doctor Reacts of Dr Ajanta Hazarika's matter
ডাঃ অজন্তা হাজৰিকা বিৰুদ্ধে নিৰপেক্ষ তদন্ত দাবী AMCHৰ চিকিৎসক মণ্ডলীৰ
author img

By

Published : Dec 15, 2020, 9:17 PM IST

মৰাণ, 15 ডিচেম্বৰ: চাকৰি দিয়াৰ নামত ধন সংগ্ৰহত অভিযুক্ত অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ অজন্তা হাজৰিকাক লৈ প্রতিক্ৰিয়া প্ৰকাশ কৰিছে AMCHৰ চিকিৎসক মণ্ডলীয়ে ৷ অভিযোগ অনুসৰি ৰে'লৱেত চাকৰি দিয়াৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰিছিল বৰ্তমানেও পলাতক হৈ থকা অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ অজন্তা হাজৰিকাই ৷

মঙলবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উত্থাপিত অভিযোগৰ ভিত্তিত ডাঃ অজন্তা হাজৰিকাৰ বিৰুদ্ধে নিৰপেক্ষ তদন্ত দাবী তুলে চিকিৎস মণ্ডলীয়ে ৷ সমান্তৰালভাৱে চিকিৎসক গৰাকীৰ এই কৰ্মত তীব্ৰ গৰিহণা দিছে চিকিৎস মণ্ডলীয়ে ৷

ডাঃ অজন্তা হাজৰিকা বিৰুদ্ধে নিৰপেক্ষ তদন্ত দাবী AMCHৰ চিকিৎসক মণ্ডলীৰ

উল্লেখ্য যে, একাংশ শিক্ষিত নিবনুৱা যুৱকৰ পৰা ৰেলৱেত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা বুলি অভিযোগত চিকিৎসক গৰাকীৰ বিৰুদ্ধে যোৱা ৬ ডিচেম্বৰত ডিব্ৰুগড় থানাত ৰুজু কৰা হৈছিল ২১৫০/২০২০নম্বৰত এক গোচৰ ৷ এই গোচৰৰ অধিনতে ডিব্ৰুগড় আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

ইফালে, তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে এই সন্দৰ্ভত কোনো ধৰণৰ তথ্য সংবাদ মাধ্যমত আগত দাঙি ধৰা নাই আৰক্ষীয়ে ।

লগতে পঢ়ক:পৃথিৱীৰ পৰা ১০০ মিলিয়ন কিলোমিটাৰ দূৰৈত অৱস্থান চীনৰ মংগল যান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.