ETV Bharat / state

খোৱাঙত বালি মাফিয়াৰ হাতত বনকৰ্মী অপদস্থৰ অভিযোগ

author img

By

Published : Mar 17, 2022, 3:24 PM IST

খোৱাঙৰ দীঘলীয়াহোলাৰ বুঢ়ীদিহিং নদীত অবৈধ বালি খনন অব্যাহত ৷ অবৈধ বালি মহল বন্ধ কৰিবলৈ গৈ বন বিভাগৰ লোক বালি মাফিয়াৰ ওচৰত অপদস্থ হোৱাৰ অভিযোগ (Humiliating forest workers by Sand mafia) উত্থাপন ৷ ঘটনা সন্দৰ্ভত নীৰৱ ভূমিকা আৰক্ষীৰ ৷

allegations-of-humiliating-forest-workers-by-sand-mafia-in-dibrugarh
খোৱাঙত বালি মাফিয়াৰ হাতত বনকৰ্মী অপদস্থৰ অভিযোগ

মৰাণ, 17 মাৰ্চ : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি আহিছে বালি মাফিয়াৰ দপদপনি ৷ বালি মাফিয়াৰ দপদপনিৰ খবৰ সংবাদ মাধ্যমত নিৰন্তৰভাৱে প্ৰচাৰ হৈ আহিছে ৷ এইবাৰৰ ঘটনাৰ স্থান মৰাণৰ খোৱাং অঞ্চল ৷ খোৱাঙৰ দীঘলীয়াহোলাৰ বুঢ়ীদিহিং নদীত খনন চলোৱা অবৈধ বালি মহল বন্ধ কৰিবলৈ গৈ বন বিভাগৰ লোক বালি মাফিয়াৰ ওচৰত অপদস্থ হোৱাৰ অভিযোগ (Humiliating forest workers by Sand mafia) উত্থাপন হৈছে ৷

প্ৰাপ্ত তথ্য মতে, বুধবাৰে আবেলি খোৱাং আঞ্চলিক বন বিষয়া গৰাকীৰ নেতৃত্বত কেইজনমান বনকৰ্মীয়ে দীঘলীয়া হোলাত থকা এটা অবৈধ বালি মহলত অভিযানৰ বাবে গৈছিল । বনকৰ্মীৰ উপস্থিতিৰ উমান লাভ কৰি তাত পূৰ্বৰে পৰা বালি খনন কৰি থকা লোকসকলে পলায়ন কৰে ।

বালি মাফিয়াৰ হাতত বনকৰ্মী অপদস্থৰ অভিযোগ

উপায়ন্তৰ হৈ বনকৰ্মীৰ দলটোৱে এ এছ ০৪ ই ০২৬৮ আৰু এ এছ ০৬ এ চি ৫১৯৬ নম্বৰৰ দুখন বাহন জব্দ কৰিবলৈ চেষ্টা কৰে । সেই সময়তে তাত থকা কেইজনমান বালি মাফিয়াই অশালীন ব্যৱহাৰেৰে উপস্থিত বন বিষয়া গৰাকীৰ লগতে বনকৰ্মীসকলক অপদস্থ কৰা বুলি অভিযোগ উত্থাপিত হৈছে ।

কেৱল ইমানেই নহয়, তাত মজুত থকা বালি খননত ব্যৱহৃত সামগ্ৰীসমূহ জব্দ কৰাৰ সময়তো বালি মাফিয়া কেইজনে বনকৰ্মীৰ সৈতে হতাহতিত লিপ্ত হয় ৷ অভিযানকাৰী দলটোৱে খোৱাং আৰক্ষীৰ সহায় বিচাৰি যোগাযোগ কৰে যদিও আৰক্ষীৰ ফালৰ পৰা কোনো সদূত্তৰ নোপোৱাৰ অভিযোগ উঠিছে ৷

বন বিষয়াৰ ভাষ্য

উপায়ন্তৰ হৈ দলটোৱে আত্মৰক্ষাৰ স্বাৰ্থত উক্ত স্থান এৰি আহিবলৈ বাধ্য হয় । আনকি অভিযানকাৰী দলটোৱে বালি কঢ়িওৱা বাহন দুখনো নিজৰ জিম্মালৈ আনিব নোৱাৰিলে । খোৱাং আঞ্চলিক বন বিষয়াগৰাকীয়ে বালি খননত ব্যৱহৃত বাহন দুখনৰ গৰাকীৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে ।

উল্লেখযোগ্য যে, খোৱাঙৰ দীঘলীয়াহোলাত দুজনমান বালি মাফিয়াই বৃহৎ কৰফাঁ‌কিৰে অবৈধভাৱে বালি খনন কৰি আহিছে । এইক্ষেত্ৰত জিলা বন বিভাগ আৰু প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ।

লগতে চাওক: বৰপেটাৰোডত মহিলাৰ ৰহস্যজনক মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.