ETV Bharat / state

ডিব্ৰুগড়ত 'কা' ৰ বিৰোধিতাৰে এ জে ৱাই চি পি ৰ প্ৰতিবাদ

author img

By

Published : Jan 20, 2021, 10:58 PM IST

মুখ্যমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়ত 'কা' বিৰোধিতাৰে জোঁৰ সমদল ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত প্ৰতিবাদী জোঁৰ সমদল ৷ অৰ্ধ শতাধিক প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ ৷ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি সংঘটিত হোৱাৰ অভিযোগ ৷

anti caa protesters detained in dibrugarh

মৰাণ, 20 জানুৱাৰী : 'কা' (নাগৰিকত্ব সংশোধনী আইন) ৰ বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে ৰাজ্যৰ ভিন্ন প্ৰান্তত বুধবাৰে জোঁৰ সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ ৰাজ্যজুৰি সাব্যস্ত হোৱা প্ৰতিবাদৰ অংশ হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহজিলা ডিব্ৰুগড়তো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে প্ৰতিবাদেৰে ৰাজপথ উত্তাল কৰি তোলে ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত প্ৰতিবাদী জোঁৰ সমদল

'কা' আমি নামানো, 'কা' বাতিল হ'বই লাগিব আদি শ্ল'গানেৰে প্ৰতিবাদকাৰী সকলে ডিব্ৰুগড়ৰ ৰাজপথ উত্তাল কৰি তোলাৰ পৰিৱৰ্তে ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে প্ৰায় 50 ৰো অধিক প্ৰতিবাদকাৰীক আটক কৰে ৷ প্ৰতিবাদকাৰীক সকলক আৰক্ষীয়ে আটক কৰিবলৈ উলোৱাৰ পাছতেই প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি আৰম্ভ হয় বুলি জানিব পৰা গৈছে ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰিয়ব্ৰত গোহাঁই আৰু কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক উদয়ন বৰুৱাৰ নেতৃত্বত উলোৱা এই প্ৰতিবাদী সমদলত যথেষ্ট সংখ্যক যুৱ-ছাত্ৰ কৰ্মীয়েও অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক:নগাঁৱত আৰক্ষীৰে খণ্ডযুদ্ধ 'কা' বিৰোধীৰ : প্ৰতিবাদকাৰীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.