ETV Bharat / state

৬ জনগোষ্ঠীৰ অসম বন্ধক সমৰ্থন AJYCP ৰ

author img

By

Published : Sep 24, 2022, 5:07 PM IST

চৰকাৰে ৬ জনগোষ্ঠীক প্ৰৱঞ্চনা কৰাৰ অভিযোগত প্ৰতিবাদ অব্যাহত আছে (Govt cheated six communities of Assam)। প্ৰতিবাদৰ মাজতে ৬ জনগোষ্ঠীয় ঐক্য মঞ্চই অসম বন্ধৰ আহ্বান জনাইছে । এই বন্ধক সমৰ্থন জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।

Moran
৬ জনগোষ্ঠীৰ অসম বন্ধক সমৰ্থন AJYCPৰ

মৰাণ,২৪ ছেপ্টেম্বৰ : কেন্দ্ৰীয় কেবিনেটে শেহতীয়াকৈ ৫ ৰাজ্যৰ ১২ জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰিছে । কিন্তু সেই তালিকাত অসমৰ নাম নাই । যাৰ বাবে জনজাতিৰ স্বীকৃতিৰ দাবী কৰি অহা অসমৰ ৬ জনগোষ্ঠী চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হোৱা দেখা গৈছে (Six communities protest in Assam)। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনগোষ্ঠীকেইটাৰ সংগঠনসমূহে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ।

এইবাৰ চৰকাৰৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে ৬ জনগোষ্ঠীয় ঐক্য মঞ্চই অসম বন্ধৰ আহ্বান জনাইছে (Assam bandh announced by 6 communities)। অহা ২৬ ছেপ্টেম্বৰত ৰাজ্যজুৰি বন্ধৰ আহ্বান জনাইছে ৬ জনগোষ্ঠীয় ঐক্য মঞ্চই । ঐক্য মঞ্চৰ বন্ধৰ আহ্বানক ৰাজ্যখনৰ বহু জাতীয় দল-সংগঠনে সমৰ্থন জনোৱা দেখা গৈছে ।

৬ জনগোষ্ঠীৰ অসম বন্ধক সমৰ্থন AJYCPৰ

ঘোষণা কৰা এই ২৪ ঘণ্টীয়া অসম বন্ধক সমৰ্থন জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । এই বন্ধক সমৰ্থন জনাব বুলি মৰাণত ঘোষণা কৰে সংগঠনটোৰ সম্পাদক পলাশ চাংমাইয়ে (AJYCP supports Assam bandh of 6 communities)। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক গৰাকীয়ে কয় যে চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক অতি সোনকালেই জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগে ।

৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্য্যদা প্ৰদানৰ দাবীত অসম অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দীৰ্ঘদিনৰ পৰা বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অহা বুলিও উল্লেখ কৰে নেতাগৰাকীয়ে । তেওঁ লগতে কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কেৱল অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদানৰ বিষয়টো ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ নকৰি অতি শীঘ্ৰে কাৰ্যকৰী কৰক ।

লগতে পঢ়ক :কেমেৰাৰ সন্মুখত উচুপি উঠিল আশাকৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.